নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাইলৈ উন্মোচন হ’ব ‘ডাকোৱাল’

নিয়মীয়া বাৰ্তা ২৮ অক্টোবৰঃ কটন বিশ্ববিদ্যালয়কে ধৰি ৰাজ্যৰ বিভিন্ন প্রান্তত কেইবাখনো বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ৰ শিক্ষার্থীসকলৰ প্রচেষ্টাত ভিন্ন ক্ষেত্রক সামৰি প্রস্তুত কৰি উলিওৱা হৈছে ‘ডাকোৱাল’ শীর্ষক এক ত্রিমাসিক আলোচনী৷ এই আলোচনীখন অহা ২৯ অক্টোবৰত কটন বিশ্ববিদ্যালয়ৰ ছুডমার্চন প্রেক্ষাগৃহত আনুষ্ঠানিকভাৱে উন্মোচন কৰা হ’ব৷ আজি সংবাদ মেল সম্বোধন কৰি আলোচনীখনৰ মুখ্য সম্পাদক অভিজিৎ তামুলীয়ে এই কথা সদৰী কৰাৰ লগতে কয় যে আলোচনীখনত শিশুৰ পৰা আৰম্ভ কৰি বয়োজ্যেষ্ঠলৈকে সকলো বয়সৰ পাঠকৰ মনৰ খোৰাক যোগাবলৈ সক্ষম হ’ব৷ এই আলোচনীখনত বিভিন্ন প্রান্তৰ ছাত্র–ছাত্রীসকলে ৰচনা কৰা গল্প, সৌন্দর্য চর্চা, দৈনন্দিন ঘটনাপ্রৱাহ আদি বিষয় সামৰি লৈ লেখাসমূহ প্রস্তুত কৰা হৈছে৷ এই আলোচনীখনৰ উন্মোচনী অনুষ্ঠানত কটন বিশ্ববিদ্যালয়ৰ উপাচার্য ড০ ভৱেশ চন্দ্র গোস্বামী, আৰক্ষী বিষয়া আবু চুফিয়ান, সাহিত্যিক মণিকুন্তলা ভট্টাচার্য, সাত্ব্ন্না দাস, ৰাকেশ ৰিয়ান, কপিল বৰা, কৃষ্ণমণি চুতীয়াকে আদি কৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকিব বুলি মুখ্য সম্পাদক তামুলীয়ে জানিবলৈ দিছে৷

You might also like