নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাথৰকোৱেৰীত অজগৰ উদ্ধাৰ

নিয়মীয়া বাৰ্তা ২৮ অক্টোবৰঃ নাৰেংগীৰ পাথৰকোৱেৰীত মাজনিশা প্রকাণ্ড অজগৰ এডাল উদ্ধাৰ কৰে স্থানীয় ৰাইজ আৰু বন বিভাগৰ লোকে৷ জানিব পৰা মতে, নিশা প্রায় চাৰে বাৰমান বজাত পাথৰকোৱেৰীৰ ৰাজপথৰ ওপৰত প্রকাণ্ড অজগৰ এডাল পৰি থকা প্রত্যক্ষ কৰে কেইজনমান পথচাৰীয়ে৷ লগে লগে বন বিভাগৰ লোকক খবৰ দিয়ে৷ খবৰ পোৱা মাত্রকে নাৰেংগী খণ্ড বন কার্যালয়ৰ বনকর্মী উপস্থিত হৈ স্থানীয় লোকৰ সহযোগত প্রায় ২০ ফুট দৈর্ঘ্যৰ তথা ৩০ কেজিতকৈ অধিক ওজনৰ অজগৰডাল উদ্ধাৰ কৰে৷ পিছত প্রকাণ্ড অজগৰডাল আমচাং অভয়াৰণ্যৰ ঘন হাবিত মুকলি কৰি দিয়ে৷

You might also like