নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রতিভাৱান ছাত্র ডেভিদ তালুকদাৰৰ মৃত্যু

নিয়মীয়া বাৰ্তা, ৮ নৱেম্বৰঃ মহানগৰীৰ চূণচালিস্থিত নুনমাটি পাব্লিক স্কুলৰ দশম শ্রেণীৰ ছাত্র ডেভিদ তালুকদাৰৰ কালি আকস্মিক বিয়োগ ঘটে৷ শাৰীৰিকভাৱে অসুস্থ হৈ থকা প্রতিভাৱান ছাত্রজনৰ কালি পুৱাৰ ভাগত স্বাস্থ্যৰ অৱনতি ঘটাত তাৎক্ষণিকভাৱে এপ’ল’ হাস্পতালত ভর্তি কৰোৱা হয় যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে৷

প্রতিভাৱান ছাত্রজনৰ আকস্মিক বিয়োগত নুনমাটি অঞ্চলত শোকৰ ছাঁ পৰিছে৷ প্রয়াত ডেভিদ তালুকদাৰৰ জন্ম হৈছিল ২০০৪ চনৰ ৩১ মার্চত৷ অহা বছৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীর্ণ হ’বলগীয়া প্রতিভাৱান ছাত্রজনে জীৱনৰ মাত্র ১৭টা বছৰত ইহসংসাৰ ত্যাগ কৰিলে৷ মৃত্যুৰ সময়ত আইতাক, পিতৃ–মাতৃ সহিতে পৰিয়ালক ইহসংসাৰত এৰি থৈ যায়৷

বিয়লিৰ ভাগতে পৰিয়াল–আত্মীয়–স্বজন আৰু বহু গুণমুগ্ধৰ উপস্থিতিত তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হয়৷ উল্লেখ্য যে প্রয়াত ডেভিদ তালুকদাৰৰ পিতৃ নিউ গুৱাহাটীৰ গণেশ মন্দিৰ পথ নিৱাসী শৈলেন তালুকদাৰ ‘নিয়মীয়া বার্তা’ৰ জ্যেষ্ঠ সংবাদকর্মী৷

You might also like