থলুৱা কৃষক–উদ্যোগীক উৎসাহ যোগাই দীঘলীপুখুৰীপাৰত ভোগালী মেলা
প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডৰ উদ্যোগ
নিয়মীয়া বাৰ্তা ১০ জানুৱাৰীঃ অসমীয়াৰ হেঁপাহৰ ভোগালী বিহুৰ প্রাক্ক্ষণত থলুৱা কৃষক–উদ্যোগীক অনুপ্রেৰণা যোগোৱাৰ লক্ষ্যৰে প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডৰ উদ্যোগ আৰু কিষাণ মর্চাৰ সহযোগত দীঘলীপুখুৰী পাৰত দেওবাৰে এদিনীয়া কার্যসূচীৰে অনুষ্ঠিত হয় ভোগালী মেলা৷ দীঘলীপুখুৰী পাৰত অনুষ্ঠিত এই ভোগালী মেলা আনুষ্ঠানিকভাৱে মুকলি কৰে কৃষিমন্ত্রী অতুল বৰাই৷ ভোগালী মেলা মুকলি কৰি মন্ত্রী অতুল বৰাই উৰুকাৰ প্রাক্মুহূর্তত এই কংক্রিটৰ মহানগৰীত মাঘবিহুৰ সময়ত গাঁৱৰ পৰিৱেশ দিয়াৰ বাবে প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডে লোৱা পদক্ষেপক ধন্যবাদ জনায়৷ মন্ত্রী বৰাই লগতে কয় যে নৱপ্রজন্ম কৃষিকর্মৰ প্রতি আকর্ষিত হৈছে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ২০২২ চনৰ ভিতৰত কৃষকৰ উপার্জন দুগুণলৈ বৃদ্ধি কৰাৰ লক্ষ্য স্থিৰ কৰিছে৷ অসমতো মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কৃষি আৰু আনুষংগিক ক্ষেত্রখনৰ উন্নয়নৰ বাবে পদক্ষেপ গ্রহণ কৰিছে৷ যাতে থলুৱা কৃষকসকল উপকৃত হ’ব পাৰে৷
ভোগালী মেলাত উপস্থিত থাকি প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক ৰিণিকি ভূঞা শর্মাই কয় যে থলুৱা কৃষকসকলক এখন মঞ্চ দি গাঁৱৰ সভ্যতা–সংস্কৃতি–পৰ্ আগুৱাই নিয়াৰ লক্ষ্যৰে প্রথমবাৰৰ বাবে পৰীক্ষামূলকভাৱে এই ভোগালী মেলা অনুষ্ঠিত কৰা হৈছে৷ কৃষক আৰু উদ্যোগীসকলক উৎসাহ দিয়াৰ বাবে আয়োজন কৰা এই মেলাত জৈৱিকভাৱে উৎপাদিত বিভিন্ন খাদ্য–সামগ্রীৰ লগতে সৰভোগ আৰু গৰুখুঁটিৰ দৈ, তিতাবৰৰ চাউল, দেৰগাঁৱৰ গুৰ, বাঁহৰ চুঙাৰ দৈ আদি বিপণীসমূহত উপলব্ধ হৈছে৷ ভৱিষ্যতে এই মেলাখনৰ পৰিসৰ বৃদ্ধি কৰা হ’ব বুলিও ৰিণিকি ভূঞা শর্মাই জানিবলৈ দিয়ে৷
উল্লেখ্য যে এই ভোগালী মেলাত অসমৰ ভিন্ন প্রান্তৰ পৰা অহা আত্মসহায়ক গোট, উদ্যোগী, শিপিনীসকলে পৰম্পৰাগত খাদ্য সম্ভাৰ লৈ অংশগ্রহণ কৰিছে৷ ভোগালী মেলাৰ লগত সংগতি ৰাখি পিঠা–পনা প্রতিযোগিতাও অনুষ্ঠিত কৰা হয়৷ এই প্রতিযোগিতাৰ বিচাৰক হিচাপে উপস্থিত থাকে অভিনেত্রী আইমী বৰুৱা, মাধুৰিমা চৌধুৰী, ছেফ অতুল লহকৰ৷ পিঠা–পনা প্রতিযোগিতাত শিৱসাগৰৰ কল্পনা দত্তই প্রথম, ভেটাপাৰাৰ হেমপ্রভা বৰুৱা দ্বিতীয় আৰু সৰুপেটাৰ বিজু তালুকদাৰে তৃতীয় স্থান লাভ কৰে৷ বিজয়ী প্রতিযোগীকেইগৰাকীক নগদ ধন, মানপত্রৰে পুৰস্কৃত কৰা হয়৷ প্রতিযোগিতাৰ প্রথম বিজয়ীক নগদ ২৫,০০০ টকা, দ্বিতীয় বিজয়ীক ১৫,০০০ টকা আৰু তৃতীয় বিজয়ীক ১০,০০০ টকা প্রদান কৰা হয়৷ বিচাৰকে তিনিগৰাকী প্রতিযোগীক নিচুকনি বঁটা প্রদান কৰে৷ ভোগালী মেলাৰ উদ্বোধনী অনুষ্ঠানত বিধায়ক ড০ পৰমানন্দ ৰাজবংশী, ‘নিউজ লাইভ’ৰ মুখ্য পৰিচালন সম্পাদক চৈয়দ জাৰিৰ হুছেইন, ‘নর্থ–ইষ্ট লাইভ’ৰ মুখ্য পৰিচালন সম্পাদক ৱাছবীৰ হুছেইন, বিজেপি কিষাণ মর্চাৰ উপ–সভাপতি ৰঞ্জিত ভট্টাচার্যকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷ ভোগালী মেলাৰ লগত সংগতি ৰাখি আয়োজন কৰা সাংস্কৃতিক সন্ধিয়াত কেইবাগৰাকীও জনপ্রিয় শিল্পীয়ে অনুষ্ঠান পৰিৱেশন কৰে৷