নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমত নিঃশেষ হোৱাৰ পথত কংগ্রেছ

বিজেপিয়ে গ্রাস কৰাৰ সময়তে তৃণমূল কংগ্রেছৰো শেনচকু

নিয়মীয়া বাৰ্তা ১০ জানুৱাৰীঃ একেৰাহে দুটাকৈ কার্যকালৰ বাবে অসমত কংগ্রেছ দল ক্ষমতাৰ পৰা আঁতৰি থাকিবলগীয়া হোৱাত কার্যতঃ ৰাজ্যখনত নিঃশেষ হোৱাৰ পথত অগ্রসৰ হৈছে দলটো৷ ইতিমধ্যে দলটোৰ দুজন বিধায়কৰ লগতে একাংশ নেতাই বিজেপিত যোগদান কৰিছে আৰু দলৰ বহুকেইজন বিধায়ক বিজেপি আৰু মিত্রদল অগপত যোগদানৰ বাবে যোগাযোগ অব্যাহত ৰখাৰ খবৰ ইতিমধ্যে প্রকাশ পাইছে৷ ৰাজ্যত কংগ্রেছ দল বিজেপিৰ গ্রাসত পৰাৰ সময়তে দলটোৰ প্রতি এইবাৰ শেনচকু পৰিছে পশ্চিমবংগৰ মুখ্যমন্ত্রী তথা তৃণমূল কংগ্রেছৰ সভানেত্রী মমতা বেনার্জীৰ৷ অহা ২০২৪ৰ লোকসভা নির্বাচনৰ পূর্বে তৃণমূল কংগ্রেছৰ খোপনি অসমত সবল কৰাৰ ব্যাপক তৎপৰতা ইতিমধ্যে আৰম্ভ কৰিছে৷ নিখিল ভাৰত মহিলা কংগ্রেছৰ সভানেত্রী সুস্মিতা দেৱক দলত যোগদান কৰোৱাই পশ্চিমবংগৰ পৰা ৰাজ্যসভালৈ নির্বাচিত কৰোৱাৰ পাছতেই অতি সন্তর্পণে ৰাজ্যখনৰ বিভিন্নজন কংগ্রেছীৰ সৈতে সঘন যোগাযোগ অব্যাহত ৰাখিছে৷

এক সূত্রৰ পৰা জানিব পৰা মতে, অসমৰ বর্তমানৰ দুজন কংগ্রেছ সাংসদৰ লগতে ৫জনকৈ বিধায়কৰ সৈতেও সম্প্রতি তৃণমূল কংগ্রেছে পূর্ণ যোগাযোগ ৰক্ষা কৰি চলিছে৷ সেইদৰে বহুকেইগৰাকী প্রাক্তন সাংসদ, প্রাক্তন মন্ত্রী, প্রাক্তন বিধায়ককো তৃণমূল কংগ্রেছত যোগদানৰ প্রস্তাৱ দিছে৷ তৃণমূল কংগ্রেছৰ তৰফৰ পৰা তেওঁলোকক ৰাজ্যখনত দলৰ নেতৃত্ব লোৱাৰ বাবেও প্রস্তাৱ দিয়া হৈছে৷ সূত্রটোৱে জানিবলৈ দিয়া মতে, অসমীয়া নতুন বছৰটোৰ আৰম্ভণিৰ পৰাই এইক্ষেত্রত তৃণমূল কংগ্রেছে কার্যকৰী পদক্ষেপ গ্রহণ কৰিব৷ ইয়াৰ বাবেই সদ্যহতে অসমত তৃণমূল কংগ্রেছৰ কমিটী গঠনত দলটোৱে বিশেষ পদক্ষেপ গ্রহণ কৰা নাই৷ সূত্রটোৰ মতে, নতুন দিল্লী আৰু কলকাতাত বিভিন্ন সময়ত সেইসকল কংগ্রেছীৰ সৈতে তৃণমূল কংগ্রেছৰ নেতৃত্বই সঘনে আলোচনাত মিলিত হোৱাৰ লগতে সুস্মিতা দেৱৰ জৰিয়তেও সেই যোগাযোগ চলাই আছে৷

ইপিনে বিজেপিৰ সমান্তৰালভাৱে তৃণমূল কংগ্রেছৰ এই তৎপৰতাৰ উমান পায়েই কংগ্রেছ দলে ৰাজ্যখনত অনুশাসনৰ ক্ষেত্রত কিছু শিথিলতা অৱলম্বন কৰিছে৷ যোৱা বিধানসভা নির্বাচনৰ সময়ত দলবিৰোধী কার্যকলাপত লিপ্ত হোৱাৰ অভিযোগত দুই শতাধিক কংগ্রেছীক কাৰণ দর্শোৱাৰ জাননী জাৰি কৰাৰ সিদ্ধান্ত গ্রহণ কৰে৷ ইয়াৰে একাংশক কাৰণ দর্শোৱাৰ জাননী জাৰি কৰা হয় যদিও পৰৱর্তী পর্যায়ত প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰাৰ হস্তক্ষেপত সেই কাৰণ দর্শোৱাৰ জাননী জাৰি কৰাৰ প্রক্রিয়া স্থগিত ৰখা হয়৷ কিয়নো সেই কাৰণ দর্শোৱাৰ জাননী জাৰি কৰাৰ তালিকাত বহু জ্যেষ্ঠ প্রাক্তন সাংসদ, প্রাক্তন মন্ত্রী, প্রাক্তন বিধায়ক আদিও আছে৷ কাৰণ দর্শোৱাৰ জাননী লাভ কৰিলে ক্ষোভতে সেইসকল বিজেপি অথবা তৃণমূল কংগ্রেছলৈ যোৱাৰ ভয়তে দলে সেই সিদ্ধান্ত গ্রহণ কৰে৷ আনকি দলৰ পৰা নিলম্বিত হৈ থকা বিধায়ক শ্বেৰমান আলী আহমেদৰ ক্ষেত্রতো শেহতীয়াকৈ দলে যথেষ্ট নৰম স্থিতি গ্রহণ কৰিছে৷ যিকোনো প্রকাৰে শ্বেৰমান আলী আহমেদক দলত ৰখাৰ স্বার্থতেই এই নীতি গ্রহণ কৰিবলৈ বাধ্য হৈছে৷ মন কৰিবলগীয়া এয়ে যে এই মুহূর্তলৈ শ্বেৰমান আলী আহমেদে তেওঁৰ কাৰণ দর্শোৱাৰ জাননীৰ উত্তৰ দিয়া নাই৷ উত্তৰ দিয়াৰ বাবে তেওঁ অহা ৩১ জানুৱাৰীলৈ সময় বিচাৰিছে আৰু প্রদেশ কংগ্রেছেও তেওঁক সময় দিছে বুলি জানিব পৰা গৈছে৷ গুৰুত্বপূর্ণ এয়ে যে কাৰাগাৰৰ পৰা মুক্তি লাভ কৰিয়েই শ্বেৰমান আলী আহমেদে তেওঁক এ আই ইউ ডি এফৰ লগতে তৃণমূল কংগ্রেছেও তেওঁলোকৰ দলত যোগদানৰ বাবে প্রস্তাৱ দিয়াৰ বিষয়ে সদৰী কৰাৰ লগতে তৃণমূল কংগ্রেছে আনকি তেওঁক ৰাজ্যখনত দলৰ নেতৃত্ব লোৱাৰো প্রস্তাৱ দিয়াৰ বিষয়ে প্রকাশ কৰিছে৷

You might also like