ফাঁচীবজাৰৰ জিএমচি মার্কেট দখলৰ চেষ্টা জুৱেৰ বাহিনীৰ
পদপথৰ শাক–পাচলিৰ ব্যৱসায়ীৰ পৰা মাহে ৮–১০ হাজাৰকৈ গুণ্ডাকৰ সংগ্রহ
নিয়মীয়া বাৰ্তা, ২২ আগষ্টঃ কংগ্রেছৰ শাসন কালত মাছখোৱাৰ শাক–পাচলিৰ বজাৰত ছিণ্ডিকেট চলোৱা জুৱেৰ বাহিনীয়ে এতিয়া পুনৰ ফাঁচীবজাৰৰ জিএমচি মার্কেট দখলৰ চেষ্টা চলাইছে৷ থলুৱা ব্যৱসায়ীক উচ্ছেদ কৰি গুণ্ডাবাহিনীক লগত লৈ আজি ফাঁচীবজাৰৰ জিএমচি মার্কেট দখলৰ চেষ্টা চলোৱাক লৈ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷
দীর্ঘদিন ধৰি ফাঁচীবজাৰ, মাছখোৱাৰ পদপথৰ শাক–পাচলি ব্যৱসায়ীৰ পৰা গুণ্ডাকৰ সংগ্রহ কৰি অহা জুৱেৰ বাহিনীয়ে জিএমচি মার্কেটত গুণ্ডাবাহিনীক লগত লৈ কালিৰে পৰা একাংশ ব্যৱসায়িক ব্যৱসায় কৰাৰ সুবিধা প্রদান কৰি দিছে৷ লকডাউনৰ বাবে বিগত ৬ মাহ ধৰি ফাঁচীবজাৰৰ জিএমচি মার্কেট বন্ধ হৈ আছিল যদিও পৌৰ নিগমৰ নির্দেশমর্মে পৰহিৰে পৰা মার্কেটখন খোলা হৈছে৷
মাছখোৱা আৰু ফাঁচীবজাৰৰ পদপথত অবৈধভাৱে ব্যৱসায় কৰা ব্যৱসায়ীৰ বিৰুদ্ধে পৌৰ নিগমে আৰক্ষী আৰু অর্ধসামৰিক বাহিনীক লগত লৈ বুধবাৰে এক বৃহৎ অভিযান চলাইছিল৷ এই অভিযানৰ পাছতে পদপথত ব্যৱসায় কৰা ব্যৱসায়ীসকলক সুৰক্ষা দিয়াৰ বাবে তৎপৰ হৈ পৰে জুৱেৰ বাহিনী৷ বিগত কেইবাবছৰ ধৰি জুৱেৰ আলী, আনোৱাৰ আলী, ইউছুফ আলী, দিলীপ আলী, নিংনা আলী, চানমহম্মদ আলী, ছফেদ আলী, চম্পক বর্মন আৰু অখিল আলীয়ে পদপথৰ ব্যৱসায়ীৰ পৰা মাহে ৮ৰ পৰা ১০ হাজাৰ টকা গুণ্ডাকৰ সংগ্রহ কৰি আহিছিল৷
ইয়াৰোপৰি প্রতি ১৫ দিনৰ মূৰে মূৰে প্রতিজন ব্যৱসায়ীৰ পৰা অতিৰিক্তভাৱে ৩০০ টকাকৈ গুণ্ডাকৰ আদায় কৰি আহিছিল জুৱেৰ বাহিনীয়ে৷ মাছখোৱা আৰু ফাঁচীবজাৰৰ পদপথত ব্যৱসায় কৰা শতাধিক ব্যৱসায়ীক সংস্থাপিত কৰাৰ বাবে জুৱেৰ বাহিনীয়ে জিএমচি মার্কেট দখলৰ চেষ্টা চলায়৷ উল্লেখ্য যে ১৯৮৯ চনৰ ২২ ফেব্রুৱাৰীত ফাঁচীবজাৰৰ জিএমচি মার্কেটত অগ্ণিকাণ্ড সংঘটিত হৈছিল৷
ইয়াৰ পাছৰে পৰা উক্ত মার্কেটখনত ব্যৱসায় কৰা থলুৱা ব্যৱসায়ীসকলে বহুবছৰ ধৰি জিএমচিৰ পৰা ব্যৱসায় কৰাৰ অনুমতি লাভ কৰা নাছিল৷ ২০০৪ চনত জিএমচি মার্কেট নতুনকৈ বনোৱাৰ পাছত অগ্ণিকাণ্ডত স্থান হেৰুওৱা একাংশ ব্যৱসায়ীক জিএমচি মার্কেটত ব্যৱসায়ৰ অনুমতি প্রদান কৰে৷ ফাঁচীবজাৰৰ জিএমচি মার্কেটত ৭০ জনৰো অধিক থলুৱা ব্যৱসায়ীয়ে পৌৰ নিগমৰ অনুমোদনক্রমে ব্যৱসায় চলাই আছে৷ এই থলুৱা ব্যৱসায়ীসকলক উচ্ছেদ কৰি জিএমচি মার্কেটৰ ভিতৰত গুণ্ডাবাহিনীক লগত লৈ জুৱেৰ বাহিনীয়ে ব্যৱসায়ীক বহুওৱাৰ চেষ্টা চলাইছে৷
দীর্ঘদিন ধৰি ফাঁচীবজাৰ, মাছখোৱা পদপথৰ শতাধিক ব্যৱসায়ীৰ পৰা গুণ্ডাকৰৰ নামত লাখ লাখ টকা সংগ্রহ কৰি অহা জুৱেৰ বাহিনীৰ বিৰুদ্ধে পৌৰ নিগম আৰু জিলা প্রশাসনে কি ব্যৱস্থা গ্রহণ কৰে সেয়া লক্ষণীয় হ’ব৷ বিভিন্ন গোচৰত অভিযুক্ত জুৱেৰৰ নেতৃত্বত ফাঁচীবজাৰত চলি থকা ছিণ্ডিকেটৰ তদন্ত কৰিলেই সকলো তথ্য পোহৰলৈ আহিব৷ এই জুৱেৰ বাহিনীয়ে কেৱল পদপথৰ ব্যৱসায়ীয়েই নহয় ফাঁচীবজাৰলৈ অহা ফল–মূলৰ গাড়ীৰ পৰাও গুণ্ডাকৰ সংগ্রহ কৰি আহিছে৷