নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসামাজিক কার্যকলাপৰ ঘাটিত পৰিণত নাৰেংগীৰ বস্তি অঞ্চল

নিয়মীয়া বাৰ্তা, ২২ আগষ্টঃ মহানগৰীৰ বিভিন্ন অসামাজিক কার্যৰ প্রধান ঘাটিত পৰিণত হৈছে নাৰেংগীৰ ৰে’ল আলিৰ দাঁতিকাষৰীয়া অঞ্চল৷ প্রাপ্ত তথ্য অনুসৰি, নাৰেংগীৰ মাজেৰে সেনা শিবিৰলৈ যোৱা ৰে’ল আলিটোৰ উপৰি নাৰেংগী ষ্টেচনৰ পৰা কার্বনগেটলৈ ৰে’ল আলিৰ দুয়োকাষে থকা জুপুৰি অঞ্চলত মদ–জুৱাৰ লগতে ড্রাগ্ছৰ অবৈধ ঘাটি স্থাপন হোৱা বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে৷

অঞ্চলবাসীয়ে জানিবলৈ দিয়া মতে, এই স্থানকেইটাত অর্থাৎ ৰে’ল আলিৰ দুয়োকাষে কিছুসংখ্যক সন্দেহজনক লোকে হঠাৎ ক’ৰবাৰ পৰা আহি জুপুৰিসদৃশ ঘৰ সাজি বসবাস কৰি আছে৷ অভিযোগমতে এনে জুপুৰিসমূহত দিনে–নিশাই মদৰ অবৈধ ব্যৱসায় চলাই থকাৰ লগতে জুৱাৰ ঘাটি স্থাপন কৰিছে এটা দুষ্ট চক্রই৷ এই চক্রটোৰ ছত্রছায়াত হেনো এনে কেইবাটাও জুপুৰিত দৈনিক হাজাৰ হাজাৰ টকাৰ জুৱা চলে৷

স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে একাংশ আৰক্ষীৰ লগত গোপন বুজাবুজি কৰি চক্রটোৱে অঞ্চলটোত এনে অসামাজিক কার্য চলাই আছে৷ যাৰ ফলত একাধিকবাৰ আৰক্ষী প্রশাসনক অৱগত কৰাৰ পিছতো কোনো পদক্ষেপ গ্রহণ কৰা নাই৷ আনহাতে অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদৰ মহানগৰ সমিতিৰ সভাপতি প্রদীপ কলিতাই জানিবলৈ দিয়া অনুসৰি, নাৰেংগী–নুনমাটিকে ধৰি মহানগৰীৰ বিভিন্ন অঞ্চলত হোৱা চুৰি ঘটনাৰ লগতে এই জুপুৰি বস্তিৰ বহু যুৱক তথা লোক জড়িত থকাৰ কথা প্রকাশ কৰিছে৷

আনকি ড্রাগ্ছৰ অন্যতম ঘাটি বুলিও প্রকাশ কৰিছে সভাপতিগৰাকীয়ে৷ ইয়াত ফলত অর্থাৎ অঞ্চলটোত মদ–জুৱা আৰু ড্রাগ্ছ সহজলভ্য হোৱাৰ পৰিপ্রেক্ষিতত বিদ্যালয়–মহাবিদ্যাল্ বহু ছাত্র তথা যুৱক ইয়াৰ প্রতি আসক্ত হৈ পৰিছে৷ এইক্ষেত্রত আৰক্ষী প্রশাসনৰ পদক্ষেপ দাবী কৰিছে সংগঠনটোৰ সভাপতিগৰাকীয়ে৷

You might also like