নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছয়মাইল উৰণীয়া সেতুৰ তলত অবৈধ পার্কিং, নির্লিপ্ত প্রশাসন

নিয়মীয়া বার্তা, ১৭ ছেপ্টেম্বৰঃ গুৱাহাটী মহানগৰীৰ যান–জঁট নিয়ন্ত্রণত চূড়ান্ত ব্যর্থ হৈছে মহানগৰ আৰক্ষী৷ যান–বাহন আৰক্ষীৰ চকুৰ আগতেই মহানগৰীৰ ৰাজপথত অবৈধভাৱে একাংশ লোকে যান–বাহন পার্কিং কৰি পৰিৱেশ বিনষ্ট কৰাৰ লগতে যান–জঁটৰ সৃষ্টি কৰি আহিছে৷ পৌৰ নিগমৰ বিনা অনুমতিত জিএছ ৰোড (শ্রীমন্ত শংকৰদেৱ পথ)ৰ বিভিন্ন স্থানত অবৈধ পার্কিং গঢ়ি উঠিছে যদিও এইক্ষেত্রত আৰক্ষী প্রশাসনে নীৰৱ দর্শকৰ ভূমিকা পালন কৰি থকা পৰিলক্ষিত হৈছে৷

বিশেষকৈ জিএছ ৰোডৰ ছয়মাইল উৰণীয়া সেতুৰ সন্মুখত মূল পথৰ কাষত গঢ়ি উঠা অবৈধ পার্কিঙত শ শ বাহন পার্কিং কৰাৰ বাবে পথছোৱাত ব্যাপক যান–জঁটৰ সৃষ্টি হয়৷ তদুপৰি উক্ত স্থানত বাহনসমূহ পার্কিং কৰাৰ বাবে বেলতলা, খানাপাৰা আৰু পাঞ্জাবাৰী দিশৰ পৰা উৰণীয়া সেতুৰ তলেৰে অহা যান–বাহন চলাচলত ব্যাপক অসুবিধাৰ সন্মুখীন হৈছে৷

ইপিনে, খানাপাৰা দিশৰ পৰা উৰণীয়া সেতুৰ ওপৰেৰে অহা চিটীবাছসমূহ উৰণীয়া সেতুৰ নামনি অংশত শাৰী শাৰীকৈ পার্কিং কৰাৰ বাবে উৰণীয়া সেতুৰ তলেদি পাৰ হৈ অহা যান–বাহন আবদ্ধ হৈ পৰাত পথছোৱাত ব্যাপক যান–জঁটৰ সৃষ্টি হোৱাত পথচাৰীসকলে যমৰ যাতনা ভোগ কৰি আহিছে যদিও যান–বাহন আৰক্ষী তথা প্রশাসনে এইক্ষেত্রত বিহিত ব্যৱস্থা গ্রহণ কৰা পৰিলক্ষিত হোৱা নাই৷

You might also like