নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চন্দ্রপুৰত আয়ৰ প্রমাণ–পত্রৰ নামত ব্যাপক ধন সংগ্রহ

৩০০ টকাকৈ সংগ্রহ ৰাজহ চক্র কার্যালয়ৰ কর্মচাৰীৰ

নিয়মীয়া বার্তা, ১৭ ছেপ্টেম্বৰঃ অৰুণোদয় আঁচনিৰ নামত এক প্রয়োজনীয় নথি হিচাপে উল্লেখ থকা বছৰেকীয়া আয়ৰ প্রমাণ–পত্র দিয়াৰ নামত এক ৰমৰমীয়া ব্যৱসায় চলাই থকাৰ অভিযোগ উত্থাপন হৈছে চন্দ্রপুৰ ৰাজহ চক্রৰ একাংশ কর্মচাৰীৰ বিৰুদ্ধে৷ উত্থাপিত অভিযোগ অনুসৰি নির্দ্দিষ্ট প্রমাণ–পত্র প্রদানৰ লগত জড়িত কর্মচাৰীকেইজনে প্রতিজন হিতাধিকাৰীৰ পৰা ১৫০ৰ পৰা তিনিশ টকা পর্যন্ত আদায় কৰিছে৷

উল্লেখ্য যে বছৰি ২ লাখ টকাতকৈ কম আয়ৰ কিছুমান বিশেষ শ্রেণীৰ লোকক মাহেকত অর্থ–সাহায্য প্রদানৰ বাবে ‘অৰুণোদয়’ নামৰ এক আঁচনিৰ আবেদন গ্রহণ কৰি আছে৷ পঞ্চায়তৰ জৰিয়তে লোৱা এই আবেদনত আয়ৰ প্রমাণ পত্র সংলগ্ণ কৰাটো বাধ্যতামূলক নথি হিচাপে উল্লেখ আছে৷

সেই অনুসৰি বিগত কিছুদিন ধৰি পানীখাইতিস্থিত চন্দ্রপুৰ ৰাজহ চক্র কার্যলয়ত লানি নিছিগা সোঁত বয় আয়ৰ প্রমাণ–পত্রৰ বাবে৷ জানিব পৰা মতে এই প্রমাণ–পত্র দিয়াৰ নামত কার্যালয়ৰ কম্পিউটাৰ সহায়ক জনৈক আহমেদ আৰু একাংশ কর্মচাৰীয়ে ডেৰশৰ পৰা তিনিশ পর্যন্ত ধন আদায় লৈহে এক ৰমৰমীয়া ব্যৱসায় চলাই আছে৷ তথ্য অনুসৰি ইতিমধ্যে চাৰিশতাধিক লোকলৈ প্রমাণ–পত্র প্রদান কৰাৰ বিপৰীতে দুই শতাধিক আবেদনকাৰীয়ে এতিয়াও সংগ্রহ কৰা নাই আয়ৰ প্রমাণ–পত্র৷

এই হিচাপে অনুসৰি কর্মচাৰীকেইজন মাত্র এটা সপ্তাহৰ ভিতৰত লক্ষাধিক টকা সংগ্রহ কৰিছে৷ ইফালে চক্র বিষয়াই এই সম্পর্কত উল্লেখ কৰি কয় যে প্রমাণ–পত্রখন দিয়াৰ বাবে যাৱতীয় খৰচৰ বাবদ ৭০ টকাকৈ সংগ্রহ কৰাৰ এক সিদ্ধান্ত আছে৷ কিন্তু তাৰ বিপৰীতে ৰচিদ প্রদান কৰা হয়৷ কিন্তু আচৰিত কথা যে বৃহৎ সংখ্যক লোকে ধন আদায় দি আয়ৰ প্রমাণ পত্র সংগ্রহ কৰিছে যদিও কোনো এজনকে ৰছিদ প্রদান কৰা নাই কার্যালয় কর্তৃপক্ষই৷

দুর্নীতিৰ ক্ষেত্রত শূন্য সহনশীলতা শ্লোগান দি থকা চৰকাৰৰ অধীনৰ এটা কার্যালয়ত দৰিদ্র শ্রেণীৰ লোকৰ পৰা এনেদৰে ধন সংগ্রহ কৰা কার্যত প্রতিক্রিয়া ব্যক্ত কৰিছে সচেতন মহলৰ মাজত৷

You might also like