গণেশগুৰি–হাতীগাঁৱ চলিছে অসামাজিক কার্যকলাপ
নিয়মীয়া বাৰ্তা ৪ নৱেম্বৰঃ গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত দীর্ঘদিন ধৰি সমাজবিৰোধী চক্রই অসামাজিক কার্যকলাপ চলাই অহাৰ অভিযোগ উত্থাপিত হৈ আহিছে৷ মহানগৰ আৰক্ষীৰ একাংশ অসাধু আৰক্ষী বিষয়াৰে গোপন বুজাবুজি কৰি সমাজবিৰোধী চক্রটোৱে অসামাজিক আৰু অপৰাধমূলক কার্যকলাপ চলাই আহিছে৷ শেহতীয়াকৈ গণেশগুৰি আৰু হাতীগাঁও অঞ্চলত এই চক্রটোৱে মুকলিকৈ অসামাজিক কার্যকলাপ চলোৱাৰ অভিযোগ উঠিছে৷ অভিযোগ অনুসৰি হাতীগাঁৱৰ আনোৱাৰ হুছেইন নামৰ লোকজনৰ নেতৃত্বত মহানগৰীৰ বিভিন্ন স্থানত অসামাজিক কার্যকলাপ চলি আহিছে৷ আনোৱাৰে গণেশগুৰিৰ গণেশ মন্দিৰৰ সমীপৰ ছাহজাহান মার্কেটত পম্পী ইউনিছেক্স বিউটি পার্লাৰত অসামাজিক কার্যকলাপ চলাই অঞ্চলটোৰ পৰিৱেশ বিনষ্ট কৰিছে বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে৷ বিউটি পার্লাৰৰ আঁৰ লৈ ছাহজাহান মার্কেটত অসামাজিক কার্যকলাপ চলোৱা আনোৱাৰে হাতীগাঁৱৰ অনুপম পথ আৰু সিজুবাৰীতো দীর্ঘদিন ধৰি সমাজবিৰোধী কার্যকলাপ চলাই আহিছে৷ হাতীগাঁও আৰু দিছপুৰ থানাৰ একাংশ আৰক্ষী বিষয়াৰে মিতিৰালি কৰি আনোৱাৰে এই ব্যৱসায় চলাই অহাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে৷ গণেশগুৰি আৰু হাতীগাঁৱত আৰক্ষীৰ ছত্রছায়াত দেহ ব্যৱসায়ৰ দৰে অসামাজিক কার্যকলাপ চলাই অহা আনোৱাৰৰ বিৰুদ্ধে মহানগৰ আৰক্ষী আয়ুক্তই কি ব্যৱস্থা গ্রহণ কৰে সেয়া লক্ষণীয় হ’ব৷