নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সাংবাদিক–সংবাদকৰ্মী ক’ৰোনাৰ প্রতিষেধক প্রদান

নিয়মীয়া বাৰ্তা ২ মেঃ ক’ভিড–১৯ৰ ভয়াৱহতাৰ প্রতি লক্ষ্য ৰাখি গুৱাহাটী প্রেছ ক্লাবত ৭৯গৰাকীক প্রদান কৰা হয় ক’ৰোনাৰ ভেকচিন৷ এই অতিমাৰীৰ সময়তো নিজৰ কর্তব্যৰ খাতিৰত নিতৌ বিভিন্ন স্থানলৈ যাব লগা হয় সাংবাদিক–সংবাদকৰ্মী৷ সেয়ে ৪৫ বছৰ ঊর্ধ্বৰ সাংবাদিক–সংবাদকৰ্মী প্রদান কৰা হয় এই ভেকচিন৷ গুৱাহাটী প্রেছ ক্লাবত অনুষ্ঠিত এই ভেকচিন প্রদান শিবিৰত সহযোগিতা কৰে ৰাজ্য চৰকাৰৰ জনস্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ, ৰাষ্ট্রীয় স্বাস্থ্য মিছনে৷ ইতিমধ্যে ক’ভিড–১৯ত আক্রান্ত হৈ কেইবাজনো সাংবাদিকে প্রাণ হেৰুৱাব লগা হৈছে৷ সেইসকল সাংবাদিকৰ আত্মাৰ সদ্গতি কামনা কৰি ভেকচিন প্রদান শিবিৰৰ আৰম্ভণিতে মৌন প্রার্থনা জনোৱা হয়৷

You might also like