নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰবীন্দ্র ভৱনৰ পৰীক্ষাত দুজন ক’ভিড পজিটিভ

নিয়মীয়া বাৰ্তা ২ মেঃ গুৱাহাটী মহানগৰীত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে ক’ৰোনাত আক্রান্তৰ সংখ্যা৷ ক’ভিড–১৯ৰ ভয়াৱহতাৰ প্রতি লক্ষ্য ৰাখি জিলা প্রশাসনে স্বাস্থ্য বিভাগৰ সহযোগত ক’ভিড পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰিছে৷ জিলা প্রশাসনে কালিৰ পৰা ৰবীন্দ্র ভৱনত অনুষ্ঠিত কৰা ক’ভিড পৰীক্ষা শিবিৰত আজি সাংবাদিক আৰু সংবাদকর্মীসকলে ৰেপিড এণ্টিজেন টেষ্ট কৰে৷ নির্বাচন আয়োগৰ নির্দেশনা অনুসৰি আজি অনুষ্ঠিত হ’ব লগা ভোটগণনা কেন্দ্রত প্রৱেশৰ বাবে সাংবাদিক আৰু সংবাদকর্মীসকলেও ক’ভিড নিগেটিভ প্রমাণ–পত্র লোৱাটো বাধ্যতামূলক৷ সেয়েহে জিলা প্রশাসনে নির্ধাৰণ কৰি দিয়া ক’ভিড পৰীক্ষা কেন্দ্রত শনিবাৰে ১২৫গৰাকী সাংবাদিক–সংবাদকৰ্মী ক’ভিড পৰীক্ষা কৰায়৷ ইয়াৰ ভিতৰত দুগৰাকীৰ দেহত ক’ভিড–১৯ৰ উপস্থিতি ধৰা পৰে৷ ক’ভিড পজিটিভ ধৰা পৰা লোক দুজন ক্রমে বনজিৎ পাটগিৰি আৰু অৰূপ কুমাৰ চক্রৱর্তী৷

You might also like