নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পূর্ণ হোৱাৰ পথত ১১৭ কোটি টকীয়া পাণ্ডু–কামাখ্যা মন্দিৰ সংযোগী পথ

অসমৰ পর্যটন খণ্ডৰ নৱ সংযোজন নীলাচল পাহাৰৰ নতুন পথ

নিয়মীয়া বাৰ্তা ১৬ জুনঃ দেশ–বিদেশৰ লাখ লাখ ভক্তৰ সুবিধার্থে ৰাজ্য চৰকাৰে নীলাচল পাহাৰত নির্মাণ কৰিছে এটি নতুন পথ৷মহানগৰীৰ মালিগাঁও–পাণ্ডুৰ পৰা শক্তিপীঠক সংযোগ কৰিছে এই নতুন পথটোৱে৷ ইতিমধ্যে লোকনির্মাণ বিভাগৰ উদ্যোগত যুদ্ধকালীন গতিত চলিছে পথ নির্মাণৰ কাম ৷ তদুপৰি দেশ–বিদেশৰ ভক্তৰ সুবিধার্থে পথৰ কাষে কাষে আটকধুনীয়াকৈ নির্মাণ কৰা হৈছে ফুটপাথ ছেদ৷ লগতে ভক্তৰ সুবিধার্থে এই নতুন পথছোৱাৰ মাজতে নির্মাণ কৰা হৈছে ৩টাকৈ আশ্রয় গৃহ৷ সমান্তৰালভাৱে ৩টাকৈ ভিউ পইণ্ট নির্মাণ কৰিছে লোকনির্মাণ বিভাগে৷

যাৰ জৰিয়তে দেশ–বিদেশৰ লাখ লাখ দর্শনার্থীয়ে ব্রহ্মপুত্রৰ লগতে নীলাচলৰ নৈসর্গিক শোভা উপভোগ কৰিব পাৰিব৷ উল্লেখ্য যে,ব্রহ্মপুত্রৰ নৈসর্গিক পৰিৱেশৰ মাজেৰে গাডী, অথবা খোজকাঢ়ি শক্তিপীঠলৈ আহিব পাৰিব দর্শনার্থীসকল৷ অর্থাৎ এই যাত্রাৰ জৰিয়তে সৌন্দর্যত আহ্লাদিত হ’ব দেশ, বিদেশৰ ভক্তসকল৷

ইফালে, নতুন পথ নির্মাণৰ বাবে ৰাজ্য চৰকাৰৰ পদক্ষেপক ধন্যবাদ জনাইছে কামাখ্যাবাসী ৰাইজে৷ লক্ষণীয় যে এই নতুন পথটোৱে অম্বুবাচীৰ সময়ত হোৱা ভিৰ বহু পৰিমাণে হ্রাস কৰিব বুলি আশাবাদী কামাখ্যাবাসী ৰাইজ৷ ৰাজ্য চৰকাৰে আবণ্টন দিয়া ১১৭ কোটি ৯২ লাখ টকা ব্যয়ৰে নির্মাণ কৰা হৈছে এই পথটো৷ লাখ লাখ ভক্তক সকাহ দিয়াৰ উদ্দেশ্যে ২০২০ চনৰ ২৭ জানুৱাৰীৰ পৰা আৰম্ভ হৈছিল এই পথ নির্মাণৰ কাম৷ ইতিমধ্যে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নির্দেশত প্রায় সম্পূর্ণ হোৱাৰ পথত এইটো নতুন পথ৷ৰাইজৰ আশা শীঘ্রে সম্পূর্ণ হ’ব এই নতুন পথটো৷

You might also like