নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লতাশিল আৰক্ষীৰ জালত প্রৱঞ্চক ছাইদুল

নিয়মীয়া বাৰ্তা, ২৩ ফেব্ৰুৱাৰীঃ মহানগৰীৰ উজান বজাৰৰ পৰা  লতাশিল আৰক্ষীয়ে এটা প্রৱঞ্চকক গ্রেপ্তাৰ কৰে৷ ধৃত প্রৱঞ্চকটো বৰপেটা জিলাৰ কয়াকুছি অঞ্চলৰ ভৌকামাৰী গাঁৱৰ ছাইদুল ইছলাম (২৮) বুলি জানিব পৰা গৈছে৷ আৰক্ষী সূত্রে জানিব পৰা মতে প্রৱঞ্চকটোৱে উজান বজাৰৰ এটা এ টি এমত ধন উলিয়াবলৈ অহা এজন বয়োজ্যেষ্ঠ লোকৰ পৰা ধন লুটৰ চেষ্টা চলাইছিল৷ পিছত স্থানীয় লোকৰ সহযোগত আৰক্ষীয়ে প্রৱঞ্চকটোক গ্রেপ্তাৰ কৰে৷

আৰক্ষীয়ে ধৃত প্রৱঞ্চকটোৰ পৰা কিছু নগদ ধন, ম’বাইল ফোন আৰু দুখন এ টি এম কার্ড জব্দ কৰে৷ আৰক্ষীয়ে জব্দ কৰা এখন এ টি এম কার্ড চানমাৰিৰ উত্তম তালুকদাৰ নামৰ এজন লোকৰ আৰু কিছুদিন পূর্বে তালুকদাৰে এ টি এমত ধন উলিয়াবলৈ যাওঁতে এটিএম কার্ডখন কৌশলেৰে সৰকাই ধন লুট কৰিছিল৷

উল্লেখ্য যে ধৃত প্রৱঞ্চকটোৱে এ টি এমৰ পৰা ধন উলিয়াবলৈ অহা গ্রাহকৰ এ টি এম কার্ড কৌশলেৰে বদলি কৰি ধন লুট কৰি আহিছে৷ ঘটনা সন্দর্ভত আৰক্ষীয়ে লতাশিল থানাত ভাৰতীয় দণ্ডবিধিৰ ৪২০/৩৮০ ধাৰাত ৫৩/২১ নম্বৰত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে৷

You might also like