নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাছখোৱাত হস্ততাঁত–বস্ত্রশিল্প বিভাগৰ ভূমি বেদখল

গুৱাহাটী পৌৰ নিগম–জিএমডিএৰ অনুমতি নোলোৱাকৈ গৃহ নির্মাণ

নিয়মীয়া বাৰ্তা ২১ ছেপ্টেম্বৰঃ  ৰাজ্যৰ আৰক্ষী–প্রশাসনৰ হূদপিণ্ডস্বৰূপ গুৱাহাটী মহানগৰীত এতিয়া ভূ–মাফিয়াৰ দপ্দপনি চলিছে৷ আৰক্ষী–প্রশাসনক অস্তিত্বহীন প্রমাণ কৰি ভূ–মাফিয়াই গুৱাহাটীৰ বিভিন্ন স্থানত চৰকাৰী ভূমি বেদখল কৰি আহিছে৷ শেহতীয়াকৈ ভূ–মাফিয়াই গুৱাহাটীৰ মাজমজিয়াৰ মাছখোৱাত হস্ততাঁত–বস্ত্রশিল্ বিভাগৰ নামত থকা ভূমি বেদখল কৰি গৃহ নির্মাণ কৰাৰ ভয়াৱহ তথ্য পোহৰলৈ আহিছে৷ আৰক্ষী–প্রশাসন আৰু হস্ততাঁত–বস্ত্রশিল্ সঞ্চালকালয়ৰ দুর্বলতাৰ সুযোগ গ্রহণ কৰি ভূ–মাফিয়াই বিভাগটোৰ নামত আবণ্টিত ভূমি বেদখল কৰি গৃহ নির্মাণ কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ ভূ–মাফিয়াই কেৱল চৰকাৰী ভূমি বেদখল কৰাই নহয়, জিএমচি আৰু জিএমডিএৰ পৰা অনুমতি নোলোৱাকৈ নির্মাণ কৰিছে ব্যৱসায়িক প্রতিষ্ঠান৷ স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, মাছখোৱাৰ তৰুণৰাম ফুকন পথৰ কাষত থকা হস্ততাঁত–বস্ত্রশিল্ বিভাগৰ নামত আবণ্টিত ভূমি বেদখল কৰি মামন খান নামৰ লোকজনে অবৈধভাৱে গৃহ নির্মাণ কৰি ভাৰাত দিয়াৰ যো–জা চলাইছে৷ জয়কিষাণ বীজ ভাণ্ডাৰ নামৰ ব্যৱসায়িক প্রতিষ্ঠানখনৰ স্বত্বাধিকাৰী মামন খানে ব্যৱসায়িক প্রতিষ্ঠানখনৰ কাষতে হস্ততাঁত–বস্ত্রশিল্ বিভাগৰ নামত আবণ্টিত ভূমি বেদখল কৰি ছটাকৈ কোঠা অবৈধভাৱে নির্মাণ কৰিছে৷ জিএমচি আৰু জিএমডিএৰ পৰা অনুমতি নোলোৱাকৈ নির্মাণ কৰা এই কোঠাকেইটা ব্যৱসায়ীজনে তিনি লাখ টকা আগধন আৰু মাহে ১৫ হাজাৰ টকাত ভাৰাত দিয়াৰ যো–জা চলাইছে৷ ইতিমধ্যে কেইবাজনো ব্যৱসায়ীৰ পৰা ভাৰাত দিয়াৰ নামত খানে আগধন সংগ্রহ কৰিছে বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে৷ উল্লেখ্য যে পূর্বতে হস্ততাঁত–বস্ত্রশিল্প বিভাগৰ নামত আবণ্টিত উক্ত ভূমিখিনিত এখন অবৈধ পাচলি বজাৰ বহুৱাই কোটি কোটি টকা উপার্জন কৰিছিল খান এণ্ড কোম্পানীয়ে৷ ২০০৯ চনত উচ্চতম ন্যায়ালয়ৰ এক নির্দেশৰ ভিত্তিত হস্ততাঁত–বস্ত্রশিল্ বিভাগে ভূমিখিনি মুকলি কৰিবলৈ সক্ষম হৈছিল৷ মাছখোৱাৰ উক্ত ভূমিত হস্ততাঁত–বস্ত্রশিল্ বিভাগে উত্তৰ–পূর্বাঞ্চলৰ পৰম্পৰাগত সাজপাৰকে ধৰি বিভিন্ন সা–সামগ্রী বিক্রীৰ বাবে এটা বাণিজ্য কেন্দ্র নির্মাণ কৰাৰ কথা আছিল৷ কিন্তু চৰকাৰ, বিভাগীয় মন্ত্রীৰ অদূৰদর্শিতাৰ বাবে আজিলৈকে উক্ত স্থানত এই বাণিজ্য কেন্দ্রটো নির্মাণ নহ’ল৷ ইয়াৰে সুযোগ লৈ ভূ–মাফিয়াই বিভাগটোৰ নামত আবণ্টিত ভূমি বেদখল কৰি গৃহ নির্মাণ কৰিছে৷ হস্ততাঁত–বস্ত্রশিল্ বিভাগে উক্ত ভূমিত সংৰক্ষিত এলেকা বুলি হর্ডিং আঁৰি থৈছে৷ কিন্তু বিভাগটোৰ বিষয়া–কর্মচাৰীয়ে নজনাকৈ কেনেদৰে উক্ত ভূমিত অবৈধভাৱে গৃহ নির্মাণ কৰিলে, তাক লৈও ৰহস্যৰ সৃষ্টি হৈছে৷ বিভাগটোৰ নামত আবণ্টিত চৰকাৰী ভূমি বেদখলমুক্ত কৰিবলৈ জিলা প্রশাসন আৰু বিভাগীয় কর্তৃপক্ষই কি ব্যৱস্থা গ্রহণ কৰে, সেয়া লক্ষণীয় হ’ব৷

You might also like