নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বন্ধ হ’ব ভূপেন বৰাৰ বিভাজনমুখী–সাম্প্রদায়িক দোকান

🔹 আত্মবিশ্বাসী অতুল বৰাৰ ক্ষুৰধাৰ সমালোচনা

🔹 ২০২৪ বর্ষ হ’ব অগপৰ শক্তি বৃদ্ধিৰ বর্ষ

বিশেষ বাৰ্তা, ১২ এপ্রিল : লোকসভা নির্বাচনৰ প্রথম পর্যায়ৰ ভোটগ্রহণৰ দিন চমু চাপি অহাৰ সময়তে কংগ্রেছৰ বিৰুদ্ধে পুনৰ সৰৱ হৈ পৰিল অসম গণ পৰিষদ (অগপ)ৰ সভাপতি তথা মন্ত্রী অতুল বৰা৷ আজি আমবাৰীস্থিত অগপৰ মুখ্য কার্যালয়ত সাংবাদিকৰে মত বিনিময় কৰি মন্ত্রী বৰাই কয় যে এইবাৰ এনডিএ মিত্রজোঁট অপ্রতিৰোধ্য৷ প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰাৰ বিভাজনমুখী আৰু সাম্প্রদায়িকতাৰ দোকান এইবাৰৰ নির্বাচনত সম্পূর্ণৰূপে বন্ধ হ’ব৷ বিশেষকৈ সংখ্যালঘু অধ্যুষিত ধুবুৰী লোকসভা সমষ্টিত অগপৰ জয়ক লৈ আত্মবিশ্বাসী অতুল বৰাই কয়– ‘ধুবুৰীলৈ আমি গৈছোঁ৷ ধুবুৰীত এইবাৰ পৰিৱেশ সম্পূর্ণ সুকীয়া৷ তিনিটা কালৰ বাবে এআইইউডিএফৰ মুৰব্বী বদৰুদ্দিন আজমলে সমষ্টিটোৰ পৰা সাংসদ হিচাপে জয়লাভ কৰিছে৷ আজমলে জৰা–ফুঁকাৰ ৰাজনীতি কৰি তিনিবাৰলৈ সাংসদৰ আসনত অধিষ্ঠিত হ’ল৷ এইবাৰ তেওঁৰ এই ৰাজনীতিয়ে কাম নকৰে৷ কংগ্রেছৰ বিভাজনকামী আৰু সাম্প্রদায়িকতাৰ ৰাজনীতি আমি সকলোৱে দেখি আহিছোঁ৷ এইবাৰৰ নির্বাচনৰ পাছত ভূপেন বৰাৰ বিভাজনমুখী–সাম্প্রদায়িক দোকান চিৰদিনৰ বাবে বন্ধ হৈ পৰিব৷’ এই প্রসংগতে তেওঁ কয় যে চলিত বছৰটো অগপৰ বাবে অত্যন্ত গুৰুত্বপূর্ণ বছৰ৷ এটা কঠিন পৰীক্ষাৰ সন্মুখীন হ’বলৈ গৈ আছে অগপ৷ ২০২৪ চন অগপৰ বাবে শক্তিবৃদ্ধিৰ বর্ষ৷ অগপই এনডিএৰ অংশীদাৰী দল হিচাপে ৰাজ্যৰ ১৪খন আসনৰ ভিতৰত ধুবুৰী আৰু বৰপেটা লোকসভা সমষ্টিত প্রতিদ্বন্দ্বিতা আগবঢ়াইছে৷ সমষ্টি পুনৰ নির্ধাৰণৰ পাছত বৰপেটাৰ জনগাঁথনি আৰু আকাৰ সলনি হৈছে৷ অগপৰ লগতে মিত্রদল বিজেপি আৰু ইউপিপিএলৰ কর্মীসকল তৎপৰ হৈ পৰিছে৷ পৰিৱেশ, পৰিস্থিতি সম্পূর্ণৰূপে সুকীয়া৷ বৰপেটা সমষ্টিৰ প্রার্থী ফণীভূষণ চৌধুৰী অষ্টমবাৰৰ বাবে বিধানসভালৈ নির্বাচিত হৈছে৷ অঞ্চলটোত ব্যক্তি হিচাপেও তেওঁৰ এক সুকীয়া পৰিচয় আছে৷ খুব ভালদৰে তেওঁ বিজয়ী হ’ব৷ তদুপৰি ১৪খন আসনতে এনডিএৰ প্রার্থীক জয়ী কৰাবলৈ মিত্রদলসমূহৰ কার্যকর্তাসকল তৎপৰ হৈ পৰিছে৷ নতুন বছৰত অগপই যিধৰণে আশা কৰিছে, সেই আশা পূৰণ কৰাৰ সুযোগ দিব ৰাইজে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নেতৃত্বত অসমে উন্নয়নৰ নতুন দিগন্তলৈ ধাৱমান হৈছে বুলি উল্লেখ কৰি তেওঁ এইবুলিও কয়– ‘প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ নেতৃত্বত অসমসহ সমগ্র উত্তৰ–পূর্বাঞ্চলত উন্নয়নৰ যিমানবোৰ কাম হৈছে, কংগ্রেছৰ দীঘলীয়া শাসনৰ সময়ত সেয়া নকৰিলে৷ ড০ হিমন্ত বিশ্ব শর্মাৰ সফল–সবল নেতৃত্বত ৰাজ্যখনত বহু কাম হৈছে৷ নতুন বছৰটোত তেওঁৰ সবল নেতৃত্বত উন্নয়নৰ নতুন দিগন্তৰ সূচনা কৰিব পাৰিম৷’ আনহাতে, বিৰোধী দলসমূহক সমালোচনা কৰি বৰাই কয় যে ৰাজ্যত বিভিন্ন ৰাজনৈতিক দল আছে৷ অগপক বদনাম কৰিবলৈ দুটামান আঞ্চলিকতাবাদী দলৰো জন্ম হৈছে৷ যিসমূহ আঞ্চলিক দলৰ জন্ম হৈছে, তেওঁলোকে ৮৫৫জন শ্বহীদক গুলীয়াই হত্যা কৰা কংগ্রেছৰ সৈতে মিত্রতা কৰি নির্বাচনত অৱতীর্ণ হৈছে৷ এয়া কেনে জাতীয়তাবাদ? ইয়াৰ বিপৰীতে অগপইহে ৰাজ্যত আঞ্চলিকতাবাদৰ ধাৰা শক্তিশালী কৰিছে বুলি মন্তব্য কৰি তেওঁ কয়– ‘নতুন তেজৰ বাবে অগপই দুৱাৰ মুকলি কৰি দিছে৷ অগপক অধিক শক্তিশালী কৰিম৷ অগপ শক্তিশালী হোৱা মানে আঞ্চলিকতাবাদ শক্তিশালী হ’ব৷ আঞ্চলিকতাবাদ শক্তিশালী হোৱা মানে অসম শক্তিশালী হ’ব আৰু খিলঞ্জীয়াৰ অধিকাৰ শক্তিশালী হ’ব৷ কংগ্রেছৰ সময়ছোৱাত হোৱা উন্নয়ন আৰু এতিয়াৰ সময়ত হোৱা উন্নয়ন সকলোৱে দেখিছে৷ আমি উন্নয়ন বিচাৰোঁ৷ খিলঞ্জীয়া লোকসকল সুৰক্ষিত হোৱাটো অগপই বিচাৰে৷ সমষ্টি পুনৰ নির্ধাৰণ সম্পূর্ণ হৈছে৷ আমি কৰি অহা আশাবোৰ এইখন চৰকাৰৰ দিনত পূৰণ হৈছে৷ সেয়েহে এনডিএ এইবাৰ অপ্রতিৰোধ্য৷’ একেদৰে বৰপেটা সমষ্টিত চিপিআই(এম) প্রত্যাহ্বান হ’ব নেকি বুলি সাংবাদিকে সোধা প্রশ্ণৰ উত্তৰত মন্ত্রী বৰাই কয় যে চিপিআই(এম) তেওঁলোকৰ বাবে প্রত্যাহ্বান নহয়৷ সমগ্র দেশত বামপন্থী দলসমূহৰ স্থিতি সম্পর্কে অৱগত৷ যাৰ বাবে বামপন্থী নিশকতীয়া হৈ পৰিছে৷ বামপন্থী দলসমূহ সদায় কংগ্রেছৰ লগত থাকে৷ কিন্তু তেওঁলোক একত্রিত হ’ব পৰা নাই৷ বৰপেটাত কংগ্রেছেও প্রার্থী দিছে, চিপিআই(এম)–এও প্রার্থী দিছে৷ দুলু আহমেদেও প্রতিদ্বন্দ্বিতা কৰিছে৷ তেওঁক সকলোৱে অসম জাতীয় পৰিষদৰ প্রার্থী বুলিয়ে জানে৷ তেওঁলোকৰ মাজত মিল নাই৷ তেওঁলোকৰ ভোট একেখিনিয়েই৷ সেয়েহে ভোট বিভাজন হ’ব আৰু অসম গণ পৰিষদৰ জয়ৰ পথ অধিক মসৃণ হৈ পৰিব৷ সমান্তৰালভাৱে নাগৰিকত্ব সংশোধনী আইন (কা) সন্দর্ভত সাংবাদিকে সোধা প্রশ্ণৰ উত্তৰত মন্ত্রীগৰাকীয়ে অগপৰ স্থিতি স্পষ্ট কৰি কয় যে ‘কা’ক লৈ তেওঁলোকৰ স্থিতি অসমবাসী অৱগত৷ এই প্রসংগত মন্ত্রী বৰাই কয়– ‘‘কা’ক লৈ আমাৰ স্থিতি অসমবাসীয়ে জানে৷ কাৰণ আমি প্রতিবাদ কৰিছিলোঁ৷ মন্ত্রীসভাৰ পৰা পদত্যাগো কৰিছিলোঁ৷ আকৌ মন্ত্রীসভাত সোমালোঁ আৰু নির্বাচনত অৱতীর্ণও হ’লোঁ৷ নির্বাচনত জনসাধাৰণে কি ৰায় দিলে, আপোনালোকে দেখিছে৷ বর্তমান আইনখন প্রযোজ্য হোৱাৰ পাছত আজি অসমত কিমানজন মানুহে আবেদন কৰিছে৷ মাত্র এজনে৷ গতিকে আমি বাস্তৱৰ লগত ধাৱমান হ’ব বিচাৰিছোঁ৷ নতুন কথা আৰু ক’বলগীয়া নাই৷ ৰাইজে আমাৰ স্থিতি জানে৷ স্থিতি জনাৰ পাছত ২০২১ বর্ষত নির্বাচনৰ মুখামুখি হৈছোঁ৷ ৰাইজে ৰায় কিদৰে দিছে, আপোনালোকে দেখিছে৷ যিসকলে ডাঙৰ ডাঙৰ কথা কৈছে, আমাক বদনাম কৰি দল গঠন কৰিছিল, তেওঁলোকৰ অৱস্থাও আপোনালোকে দেখিছে৷ কংগ্রেছে ‘কা’ক লৈ হুলস্থূল কৰি থাকে৷ কিন্তু নির্বাচনী ইস্তাহাৰত ‘কা’ৰ বিষয়ে উল্লেখ নকৰি ভণ্ডামি প্রকাশ কৰিছে৷ দলসমূহে দেখিলে যে ইয়াৰ প্রভাৱ কি হ’ব৷ ইয়াৰ পৰা কিদৰে কংগ্রেছ লাভৱান্বিত হ’ব তথা কংগ্রেছ কিদৰে ক্ষতিৰ সন্মুখীন হ’ব? সেইবাবে কংগ্রেছে এনেধৰণৰ স্থিতি গ্রহণ কৰিছে৷ আমাৰ স্থিতি অতি স্পষ্ট৷ আমি পদত্যাগ কৰিছোঁ, আকৌ মন্ত্রীসভাত সোমাইছোঁ৷ তাৰ পাছত নির্বাচনতো অৱতীর্ণ হৈছোঁ৷ য’ত আমাক জনাদেশ দিছে৷ আমি জনসাধাৰণৰ মনোভাব চায়েই ৰাজ্যখনৰ উন্নয়নৰ বাবে কাম কৰিবলৈ আগবাঢ়ি আহিছো৷’ সমান্তৰালভাৱে বিজেপিৰ সৈতে মিত্রতা প্রসংগক লৈ বহু সময়ত হোৱা সমালোচনা সন্দর্ভত প্রতিক্রিয়া প্রকাশ কৰি অগপ সভাপতিগৰাকীয়ে কয় যে বিজেপিৰ সৈতে তেওঁলোকৰ মিত্রতা বহু পুৰণি৷ পূর্বেও বহুবাৰ বিজেপিৰ সৈতে তেওঁলোকৰ মিত্রতা হৈছিল৷ আজিৰ অনুষ্ঠানৰ জৰিয়তে অগপ সভাপতিগৰাকীয়ে অসমবাসীলৈ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰে৷ অনুষ্ঠানত অংশগ্রহণ কৰি অগপৰ কার্যকৰী সভাপতি কেশৱ মহন্তই অসমবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰি কয় যে ব’হাগ তেওঁলোকৰ বাবে এক নতুন দিন৷ ৫ বছৰৰ পাছত ৰাজনৈতিকভাৱে তেওঁলোকে নতুন দিন লাভ কৰিব৷ দেশৰ সকলোৱে আশা কৰিছে যে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ নেতৃত্বত আকৌ নতুন চৰকাৰ লাভ কৰিব৷ অসমত মিত্রজোঁটৰ অংশীদাৰ হিচাপে অগপই নতুন দিনলৈ আগবাঢ়িছে৷ আজিৰ অনুষ্ঠানত অগপৰ সাধাৰণ সম্পাদক মনোজ শইকীয়া, ডাঃ কমলাকান্ত কলিতা, সত্যব্রত কলিতা, সুনীল ডেকা, ধর্মেশ্বৰ ৰায়কে ধৰি বহুসংখ্যক নেতা উপস্থিত থাকে৷

You might also like