নিয়মীয়া বাৰ্তা ৬ মাৰ্চঃ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰখনে দায়িত্ব লোৱাৰে পৰা দুর্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল পদক্ষেপ গ্রহণ কৰি আহিছে যদিও তাৰ মাজতে একাংশ দুর্নীতিগ্রস্ত ঠিকাদাৰ আৰু বিষয়াৰ ছত্রছায়াত অব্যাহত আছে ব্যাপক দুর্নীতিৰ পোহাৰ৷ শেহতীয়াকৈ মায়ঙৰ এটা পথ নির্মাণত ব্যাপক অনিয়ম আৰু দুর্নীতিৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ঠিকাদাৰৰ বিৰুদ্ধে৷ সমান্তৰালভাৱে ঠিকাদাৰৰ এনে দুর্নীতিত গড়কাপ্ঢানী বিভাগৰ এগৰাকী কনিষ্ঠ অভিযন্তাই পূর্ণ সহযোগ কৰা বুলিও অভিযোগ কৰিছে স্থানীয় ৰাইজে৷ উল্লেখ্য যে গড়কাপ্ঢানী বিভাগৰ মৰিগাঁও সংমণ্ডলৰ অন্তর্গত মায়ঙৰ হাতীমূৰীয়া গাঁৱত এটা পথ নির্মাণৰ আঁচনি গ্রহণ কৰে সংশ্লিষ্ট বিভাগে৷ হাতীমূৰীয়া গণেশ মন্দিৰৰ সন্মুখৰ পৰা পকৰীয়া নৈৰ পাৰলৈ ৭শ মিটাৰ দৈর্ঘ্যৰ দুই কোটি টকা ব্যয়সাপেক্ষে পি ভি চি ব্লকেৰে নির্মাণ হ’বলগীয়া পথটো নির্মাণৰ দায়িত্ব লাভ কৰে প্রবীণ দাস নামৰ ঠিকাদাৰজনে৷ স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, ব্লক বহুওৱাৰ পূর্বে যেনে ধৰণে শিল দিব লাগে, তাত অতি নিম্নমানৰ শিল ব্যৱহাৰ কৰিছে৷ প্রত্যক্ষ কৰা অনুসৰি, একেবাৰে মৰা শিল আৰু শিলৰ গুড়ি ব্যৱহাৰ কৰিছে, যিসমূহ এবাৰ ৰ’লাৰ চলোৱা মাত্রকে গুড়ি হৈ পৰিছে৷ সেই সময়তে ৰাইজে আপত্তি দর্শাইছিল ঠিকাদাৰগৰাকীক৷ ঠিকাদাৰগৰাকীয়ে সেইখিনি উঠাই টান শিল দিয়াৰ প্রতিশ্রুতি দিছিল যদিও পৰৱর্তী সময়ত সেই মৰা শিলকে ব্যৱহাৰ কৰি পথ নির্মাণৰ কাম আৰম্ভ কৰিছে৷ স্থানীয় ৰাইজৰ মতে, ব্যৱহূত নিম্নমানৰ শিলৰ ওপৰত ব্লক স্থাপন কৰিলে দুই–এজাক বৰষুণৰ পিছতে জৰাজীর্ণ হৈ পৰিব পথটো৷ আশ্চর্যকৰ কথা যে উক্ত পথটো চোৱাচিতাৰ দায়িত্বত থকা বিভাগীয় কনিষ্ঠ অভিযন্তা জিতেন্দ্র নাথ ডেকাই তাৰ পিছতো চকু মুদা কুলিৰ ভাও ধৰি আছে৷ কনিষ্ঠ অভিযন্তাগৰাকীয়ে আনকি সেই মৰা শিলসমূহক বিভাগীয়ভাৱে উন্নত শিল বুলি এখন প্রমাণ–পত্র দি সেই নিম্নমানৰ শিল ব্যৱহাৰ কৰিয়ে কাম কৰিবলৈ সেউজ সংকেত দিছে ঠিকাদাৰগৰাকীক৷
Prev Post
You might also like