নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধাৰাপুৰবজাৰত ভয়াৱহ অঘটনৰ আশংকা

নিয়মীয়া বাৰ্তা ৬ মাৰ্চঃ বিদ্যুৎ বিভাগৰ দায়িত্বজ্ঞানহীনতাৰ বাবে মহানগৰীৰ ধাৰাপুৰ চাৰিআলিৰ দৈনিক বজাৰখনত যিকোনো মুহূর্ততে ভয়াৱহ অঘটন সংঘটিত হোৱাৰ সম্ভাৱনা প্রকট হৈ উঠিছে৷ কিয়নো উচ্চ ক্ষমতাসম্পন্ন বিদ্যুৎ পৰিবাহী তাঁৰ সংযুক্ত বিদ্যুতৰ লোৰ খুঁটা এটা ভাগি পৰোঁ পৰোঁ হৈ থকাৰ পিছতো বিভাগীয় কর্তৃপক্ষই চকু মুদা কুলিৰ ভাও ধৰি থকা কার্যই ৰাইজৰ মাজত ব্যাপক প্রতিক্রিয়াৰ সৃষ্টি কৰিছে৷ উল্লেখ্য যে ধাৰাপুৰ চাৰিআলিৰবজাৰখনৰ্ মাজতে আছে ১১ হাজাৰ ভল্টৰ তাঁৰ সংযুক্ত বিদ্যুতৰ খুঁটা এটা৷ লোহাৰ খুঁটাটোৰ গুৰিটোত মামৰে ধৰাৰ ফলত খুঁটাটোৰ অৱস্থা অতি বিপজ্জনক হৈ পৰিছে৷ প্রায় আশী শতাংশ মামৰে ধৰাৰ ফলত যিকোনো মুহূর্ততে খুঁটাটো বাগৰি পৰিব পাৰে৷ বজাৰখনৰ লগতে ৩৭নং ৰাষ্ট্রীয় ঘাইপথৰ দাঁতিতে থকা বিদ্যুতৰ খুঁটাটো বাগৰি পৰিলে কি পৰিৱেশৰ সৃষ্টি হ’ব, সেয়া অকল্পনীয়৷ মন কৰিবলগীয়া যে বজাৰ কমিটীকে ধৰি ব্যৱসায়ীসকলে আজাৰা বৈদ্যুতিক সংমণ্ডল কার্যালয়ক বিপজ্জনক অৱস্থাত থকা খুঁটাটো সলনি কৰিবলৈ বহুবাৰ আবেদন–নিবেদন জনাইছে যদিও বিভাগীয় কর্তৃপক্ষই বিষয়টোত অলপো গুৰুত্ব আৰোপ নকৰা কার্যই ৰাইজৰ মাজত ব্যাপক প্রতিক্রিয়াৰ সৃষ্টি কৰিছে৷

You might also like