নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নেমকেয়াৰত বার্নকেয়াৰ ডে’ পালন

নিয়মীয়া বাৰ্তা, ১২ ফেব্ৰুৱাৰীঃ গুৱাহাটীৰ আগশাৰীৰ ব্যক্তিগত চিকিৎসালয় নেমকেয়াৰ হাস্পতালৰ সামাজিক গোট বার্নকেয়াৰ ফাউণ্ডেচনৰ উদ্যোগত   পালন কৰা হয় ‘বার্ন কেয়াৰ ডে’’৷ গুৱাহাটীৰ দিছপুৰস্থিত নেডফি হাউছত আয়োজন কৰা এই অনুষ্ঠানত উদ্বোধনী ভাষণ প্রদান কৰে নেমকেয়াৰ হাস্পতালৰ পৰিচালন সঞ্চালক ডাঃ হিতেশ বৰুৱাই৷ বার্ন কেয়াৰ ডে’ৰ মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট শিক্ষাবিদ–সাহিত্যিক ড০ অমৰজ্যোতি চৌধুৰী৷ ইফালে, বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ প্লাষ্টিক ছার্জাৰী বিভাগৰ অধ্যাপক ডাঃ প্রদীপ জৈন উপস্থিত থাকি ভাষণ প্রসংগত জুয়ে পোৰা দুর্ঘটনা প্রতিৰোধ আৰু প্রাথমিক চিকিৎসা সন্দর্ভত বিস্তৃত ব্যাখ্যা আগবঢ়াই৷ বার্ন কেয়াৰ ফাউণ্ডেচনৰ সম্পাদক ডাঃ ভূপেন্দ্রপ্রসাদ শর্মাই অনুষ্ঠানটোৰ উদ্দেশ্য আৰু অগ্ণিদগ্ধ ৰোগীৰ বিভিন্ন সমস্যাৰ বিষয়ে দৃশ্য–শ্রাব্য মাধ্যমেৰে ৰাইজক অৱগত কৰে৷ তেওঁ অগ্ণিদগ্ধ ৰোগীৰ প্রতি সহানুভূতিশীল হ’বলৈ আহ্বান জনায়৷ অনুষ্ঠানত জ্যেষ্ঠ প্লাষ্টিক ছার্জন ডাঃ ভূপেন ডেকাক বার্ন কেয়াৰ ফাউণ্ডেচনৰ ফালৰ পৰা জীৱনজোৰা সাধনা বঁটা প্রদান কৰা হয়৷ বার্ন ইউনিটৰ নার্ছ ওক্রাম সুৰবালা দেৱীক শ্রেষ্ঠ নার্ছ, চিত্রলেখা বড়োক শ্রেষ্ঠ নার্ছৰ সহায়িকা বঁটা প্রদান কৰা হয়৷ বিয়লি ২ বজাৰ পৰা এই অনুষ্ঠানৰ লগত সংগতি ৰাখি এখন আলোচনা–চক্রও অনুষ্ঠিত হয়৷

You might also like