নাৰেংগীত ১২৮ গ্রাম ব্রাউন ছুগাৰসহ ধৃত ১
নিয়মীয়া বাৰ্তা ১০ অক্টোবৰঃ এক গোপন সূত্রৰ পম খেদি নুনমাটি আৰক্ষী আৰু চানমাৰি আৰক্ষীয়ে যৌথভাৱে অভিযান চলাই কালি ব্রাউন ছুগাৰসহ এজনযুৱকক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ ধৃত যুৱকজনৰ নাম সাহিদুল ইছলাম (২৬)৷ যুৱকজনৰ ঘৰ মহানগৰীৰ পাঞ্জাবাৰীত৷ আৰক্ষীয়ে জানিবলৈ দিয়া মতে, যুৱকজনৰ পৰা ১২৮ গ্রাম ড্রাগ্ছ, এখন স্কুটি আৰু এটা ম’বাইল ফোন জব্দ কৰে৷ উল্লেখ যে ধৃত যুৱকজনে নিশা নাৰেংগীৰ ৰাজপথত ড্রাগ্ছ বিক্রী কৰি থাকোঁতেই হাতেলোটে আৰক্ষীয়ে গ্রেপ্তাৰ কৰে৷ ইপিনে, ধৃত যুৱকজনে দীর্ঘদিন ধৰি মহানগৰীৰ বিভিন্ন স্থানত ড্রাগ্ছ বিক্রী কৰি আহিছিল৷