নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাতীগাঁৱৰ লখিমী নগৰত নৃশংস হত্যাকাণ্ড

নিয়মীয়া বাৰ্তা ২৩ নৱেম্বৰঃ আৰক্ষী আৰু নিৰাপত্তাৰক্ষীৰে গিজগিজাই থকা গুৱাহাটী মহানগৰী মৃত্যু উপত্যকাত পৰিণত হৈছে৷ ৰাজধানী চহৰখনত এটাৰ পিছত আনটো হত্যাকাণ্ড সংঘটিত হোৱা ঘটনাই চৌদিশে তীব্র চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ অলপতে ছার্ভেৰ চন্দন নগৰত বৃদ্ধ দম্পতীক অতি নৃশংসভাৱে হত্যা কৰাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই পুনৰ হাতীগাঁৱৰ লখিমী নগৰত আন এক হত্যাকাণ্ড সংঘটিত হৈছে৷ লখিমী নগৰত চিন্ময় পথৰ গৃহ নং দুইত মিলন ছেত্রী নামৰ এজন লোকৰ মৃতদহে উদ্ধাৰ হয়৷ স্থানীয় লোকে পৰিত্যক্ত বাসগৃহটোৰ পৰা দুর্গন্ধ নির্গত হোৱাত আৰক্ষীক খবৰ দিয়ে৷ হাতীগাঁও আৰক্ষীয়ে আতাউৰ ৰহমান নামৰ ব্যক্তিজনৰ বাসগৃহত উপস্থিত হৈ ছেত্রীৰ মৃতদেহটো উদ্ধাৰ কৰে৷ উল্লেখ্য যে বাহিৰৰ পৰা তলা লাগি থকা কোঠালিৰ ভিতৰত মিলন ছেত্রীৰ মৃতদেহ উদ্ধাৰ কৰাৰ পিছত এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি আৰক্ষীয়ে সন্দেহ কৰে৷ উল্লেখ্য যে আতাউৰ ৰহমান নামৰ ব্যক্তিৰ বাসগৃহত কেয়াৰটেকাৰ হিচাপে কর্মৰত ৰং মিস্ত্রী মিলন ছেত্রীক বিগত কিছুদিন ধৰি স্থানীয় লোকে প্রত্যক্ষ কৰা নাছিল৷ পৰিত্যক্ত গৃহটোৰ ভিতৰত লাইট জ্বলি থকাৰ লগতে দুর্গন্ধ নির্গত হোৱাত স্থানীয় লোকৰ সন্দেহ ওপজাত এই হত্যাকাণ্ডৰ ঘটনা পোহৰলৈ আহে৷ অৱশ্যে প্রাথমিক তদন্তত হত্যাকাণ্ডৰ কোনো ক্লু লাভ কৰা নাই৷

You might also like