নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভেকচিনৰ দ্বিতীয় ড’জ ল’লেও আজিৰে পৰা বিমান বন্দৰ, ষ্টেচনত প্ৰতিজন যাত্ৰীৰ ক’ভিড টেষ্ট বাধ্যতামূলক

নিয়মীয়া বাৰ্তা, ১৬ জুলাইঃ ক’ভিড সন্দৰ্ভত আজিৰে পৰা নতুন নিৰ্দেশনা। অসম চৰকাৰে শুকুৰবাৰে এখন নতুন জাননী জাৰি কৰি ভেকচিনৰ দ্বিতীয় পালি লোৱা যাত্ৰীসকলকো বিমানবন্দৰ আৰু ৰে’ল ষ্টেচনত বাধ্যতামূলক ক’ভিড-১৯ পৰীক্ষাৰ নিৰ্দেশ দিছে।

ৰাজ্যত ক’ভিডৰ সংক্ৰমণৰ সংখ্যা হ্ৰাস নোপোৱাৰ পৰিপ্ৰেক্ষিতত এই সিদ্ধান্ত স্বাস্থ্য বিভাগৰ।

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে পূৰ্বৰ নিৰ্দেশ প্ৰত্যাহাৰ কৰি আজিৰ এই নতুন নিৰ্দেশনা প্ৰকাশ কৰিছে।

উল্লেখ্য যে ইয়াৰ পূৰ্বে যিসকল যাত্ৰীয়ে ক’ভিডৰ দ্বিতীয় ডজ লৈছিল, তেওঁলোকক বিমানবন্দৰ আৰু ৰে’ল ষ্টেচনত ক’ভিড পৰীক্ষাৰ পৰা ৰেহাই দিয়া হৈছিল।

You might also like