নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুগল প্লে’ষ্ট’ৰত জইছ–ই–মহম্মদৰ ম’বাইল এপ

নিয়মীয়া বাৰ্তা ১৩ অক্টোবৰঃ ছ’চিয়েল মিডিয়াযোগে কট্টৰ ইছলামিক ধর্মীয় ধাৰণা প্রসাৰিত কৰি থকা সন্ত্রাসবাদী সংগঠনৰ ম’বাইল এপ গুগ্ল প্লে ষ্টোৰত সক্রিয় হৈ থকাৰ ভয়াৱহ তথ্য পোহৰলৈ আহিছে৷ পাকিস্তানস্থিত নিষিদ্ধঘোষিত সন্ত্রাসবাদী সংগঠন জইচ–ই–মহম্মদৰ সম্পর্কিত ম’বাইল এপ এটি গুগ্ল প্লে ষ্টোৰত অতি সক্রিয় হৈ থকাৰ চাঞ্চল্যকৰ তথ্য প্রকাশ পাইছে৷ তথ্য মতে বিশ্বজুৰি এনড্রয়ড ফোন ব্যৱহাৰকাৰীৰ কাৰণে গুগ্ল প্লে ষ্টোৰত জইচ–ই–মহম্মদৰ ম’বাইল এপ সক্রিয় হৈ আছে৷ এই সক্রিয় ম’বাইল এপটোৰে জইচ–ই–মহম্মদে সংগঠনটোৰ সাংগঠনিক স্থিতিকে ধৰি বিভিন্ন কার্যকলাপ চলাই আছে৷ গুগল প্লে ষ্টোৰত ম’বাইল এপটোৰ নাম ‘আচলি বাটেন’৷

এই এপটোত জইচ–ই–মহম্মদৰ মুৰব্বী তথা ৰাষ্ট্রসংঘৰ ঘোষিত ৱাণ্টেড সন্ত্রাসবাদী মৌলানা মাছুদ আজহাৰৰ অডিঅ’ বার্তাকে ধৰি বিভিন্ন তথ্য প্রচাৰ কৰি থকা হৈছে৷ তদুপৰি নিষিদ্ধ সংগঠনটোৰ আন শীর্ষ সন্ত্রাসবাদীৰো কার্যকলাপ প্রচাৰ চলাই থকা হৈছে৷ তথ্য মতে ২০২০ চনৰ চাৰি ডিচেম্বৰত গুগ্ল প্লে ষ্টোৰত এই এপটো মুকলি কৰা হৈছে আৰু তেতিয়াৰে পৰা ম’বাইল এপটো পাঁচ সহস্রাধিক ডাউনলোড কৰা হৈছে৷ পাকিস্তানৰ পৰা বিভিন্ন ইছলামিক মৌলবীয়ে এই এপটোৰ যোগেদি ধর্মীয় গোড়ামি, বার্তা আদি প্রচাৰ কৰি আহিছে৷

এপটোৰ ৱেব পেজত মাছুদ আজহাৰৰ উচটনিমূলক লেখা প্রচাৰ কৰি থকা হৈছে৷ ছাদি উপ নামেৰে মাছুদ আজহাৰৰ বিভিন্ন কট্টৰ ধর্মীয় লেখা প্রচাৰ কৰা হৈছে৷ লক্ষণীয় যে ২০০১ চনৰ পৰা ২০১৯ চনলৈকে মাছুদ আজহাৰে ৰেকর্ড কৰা অনেক অডি’ বার্তা এপটোৰ পেজত সন্নিৱিষ্ট কৰা হৈছে৷ জার্মানীৰ ছার্ভাৰৰ পৰা এই এপটো সক্রিয় কৰি ৰখা হৈছে বুলিও তথ্যত প্রকাশ পাইছে৷ গুগ্ল প্লে ষ্টোৰত নিষিদ্ধ সন্ত্রাসবাদী সংগঠন জইচ–ই–মহম্মদৰ সক্রিয় হৈ থকাটো বিশ্ববাসীৰ বাবে এক অশনি সংকেত৷

You might also like