নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিপজ্জনক হৈ উঠিছে প্লাষ্টিকৰ আৱর্জনাঃ প্রহসনত পৰিণত এবাৰ ব্যৱহূত প্লাষ্টিকৰ নিষেধাজ্ঞা

নিয়মীয়া বাৰ্তা,৩ মাৰ্চ: কৃত্রিম বান সমস্যাৰ পৰা গুৱাহাটী মহানগৰীক মুক্ত কৰাৰ বাবে চৰকাৰে শিলসাঁকো বিলত উচ্ছেদ অভিযান অব্যাহত ৰাখিছে৷ শিলসাঁকো বিলৰ সমান্তৰালকৈ দীপৰ বিলৰ ভূমিও বেদখলকাৰীৰ পৰা মুক্ত কৰাৰ বাবে চৰকাৰে পৰিকল্পনা প্রস্তুত কৰিছে৷ কৃত্রিম বানমুক্ত গুৱাহাটী মহানগৰী গঢ়াৰ লক্ষ্যৰে চৰকাৰে জলাশয়ত উচ্ছেদ অভিযান অব্যাহত ৰখাৰ সময়তে পোহৰলৈ আহিছে কৃত্রিম বান সমস্যাৰ বহু ভয়াৱহ তথ্য৷ গুৱাহাটী মহানগৰবাসীয়ে সন্মুখীন হৈ অহা আন আন সমস্যাসমূহৰ ভিতৰত অন্যতম এক গুৰুত্বপূর্ণ সমস্যা হ’ল পেলনীয়া জাবৰ–জোঁথৰৰ সমস্যা৷ প্রায় ২০ লাখ লোকে বসবাস কৰা গুৱাহাটী মহানগৰীত বিজ্ঞানসন্মতভাৱে জাবৰ সংগ্রহ আৰু পৰিশোধন ব্যৱস্থা আজিও হৈ উঠা নাই৷ যাৰ ফলশ্রুতিত গুৱাহাটী মহানগৰীৰ ভিন্ন প্রান্তত স্তূপীকৃত আৱর্জনাই ভয়াৱহ প্রদূষণৰ সৃষ্টি কৰিছে৷

প্রাপ্ত তথ্য অনুসৰি, গুৱাহাটী মহানগৰীত প্রতিদিনে প্রায় ৬০০ টন আৱর্জনা ওলায়৷ ইয়াৰ ভিতৰত প্লাষ্টিকসৃষ্ট অৱর্জনাৰ পৰিমাণ ৫০ টন৷ প্রতিদিনে মহানগৰীত ওলোৱা প্লাষ্টিকৰ আৱর্জনাৰ ৬০ শতাংশ পৰিশোধনযোগ্য আৰু ৪০ শতাংশ পৰিশোধন কৰিব নোৱাৰা প্লাষ্টিকৰ আৱর্জনা৷ গুৱাহাটী পৌৰ নিগম কর্তৃপক্ষৰ চূড়ান্ত দায়িত্বজ্ঞানহীনতাৰ বাবে ৰাজধানী চহৰ গুৱাহাটী মহানগৰীত আজিও আৱর্জনা নিষ্কাশন পদ্ধতিটো সুশৃংখলিতভাৱে হৈ উঠা নাই৷

তথ্য অনুসৰি এনভাইৰ’ন নামৰ এটা এনজি’ই চলোৱা সমীক্ষা অনুসৰি গুৱাহাটী পৌৰ নিগম এলেকাত দৈনিক ৩৭০ টন প্লাষ্টিকৰ আৱর্জনা সৃষ্টি হয়৷ সংস্থাটোৰ সমীক্ষা অনুসৰি বিগত ১৪ বছৰত প্লাষ্টিকৰ আৱর্জনা গুৱাহাটী মহানগৰীত ভয়াৱহৰূপে বৃদ্ধি পাব ধৰিছে৷ এই প্লাষ্টিকৰ আৱর্জনা বিজ্ঞানসন্মতভাৱে নিষ্কাশনৰ ব্যৱস্থা নথকাৰ ফলতেই প্লাষ্টিকসৃষ্ট আৱর্জনাই পৰিৱেশৰ প্রতি তীব্র ভাবুকি কঢ়িয়াই আনিছে৷ শেহতীয়াকৈ গুৱাহাটী পৌৰ নিগমে কৃত্রিম বানমুক্ত গুৱাহাটী গঢ়াৰ লক্ষ্যৰে মহানগৰীৰ ভিন্ন প্রান্তত থকা নলা–নর্দমাসমূহ বাৰিষাৰ পূর্বে পৰিষ্কাৰ কৰাৰ বাবে ক্ষীপ্র গতিৰে কাম–কাজ কৰি আছে৷ মহানগৰীৰ প্রতিটো নলা–নর্দমাৰ পৰা বৃহৎ পৰিমাণৰ প্লাষ্টিকৰ আৱর্জনা ওলোৱা পৰিলক্ষিত হৈছে৷ ইয়াৰ উপৰিও পৌৰ নিগমৰ তৎপৰতাৰ বাবে বিগত বর্ষসমূহৰ তুলনাত এইবাৰ মহানগৰীৰ নলা–নর্দমাসমূহ যথেষ্ট পৰিষ্কাৰ হৈছে৷ তথাপিও কৃত্রিম বানৰ পৰা গুৱাহাটী মহানগৰীক মুক্ত কৰিবলৈ প্লাষ্টিকৰ আৱর্জনাৰ পৰা মুক্ত কৰিব লাগিব বুলি বহুকেইগৰাকী বিশেষজ্ঞই মত পোষণ কৰিছে৷ কেৱল শিলসাঁকো আৰু দীপৰ বিলত উচ্ছেদ অভিযান চলালেই গুৱাহাটী মহানগৰ কৃত্রিম বানমুক্ত নহয় বুলি মন্তব্য কৰিছে বিশেষজ্ঞই৷

প্লাষ্টিকৰ আৱর্জনাৰ পৰা গুৱাহাটী মহানগৰীক মুক্ত কৰিব নোৱাৰিলে ভৱিষ্যতে ভয়াৱহ বিপদৰ সন্মুখীন হ’ব লাগিব৷ এবাৰ ব্যৱহূত প্লাষ্টিক নিষিদ্ধ কৰাৰ পিছতো মুকলিকৈ মহানগৰীত এতিয়াও নাগৰিক আৰু ব্যৱসায়ীসকলে প্লাষ্টিক ব্যৱহাৰ কৰি অহা পৰিলক্ষিত হৈছে৷ এবাৰ ব্যৱহূত প্লাষ্টিকৰ বিৰুদ্ধে মহানগৰ জিলা প্রশাসনে কঠোৰ পদক্ষেপ গ্রহণ নকৰাৰ ফলতেই ভয়াৱহ ভৱিষ্যতৰ দিশে গতি কৰিছে গুৱাহাটী মহানগৰী৷ সেয়েহে শীঘ্রে চৰকাৰ তথা প্রশাসনক এবাৰ ব্যৱহূত প্লাষ্টিকৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্রহণ কৰিবলৈ বিশেষজ্ঞসকলে আহ্বান জনাইছে৷

You might also like