নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিউজিলেণ্ডত অস্ত্রোপচাৰ হ’ব বুমৰাহৰ

নিয়মীয়া বাৰ্তা,৩ মাৰ্চ:  আইপিএল দূৰৰে কথা, ভাৰতে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত প্রৱেশ কৰিলে সেই মেচখনো খেলিব নোৱাৰিব যশপ্রীত বুমৰাহে৷ অন্ততঃ অহা ছেপ্টেম্বৰ পর্যন্ত তেওঁ খেলপথাৰৰ বাহিৰত থাকিব লাগিব৷ দীর্ঘদিন পিঠিৰ আঘাতত ভুগি থকা বলাৰগৰাকী নিউজিলেণ্ডত অস্ত্রোপচাৰ কৰোৱাৰ সিদ্ধান্ত লোৱা হৈছে৷ এদিনীয়া বিশ্বকাপৰ পূর্বে তেওঁক সম্পূর্ণৰূপে সুস্থ কৰি তোলাৰ লক্ষ্য নির্ধাৰণ কৰিছে ক্রিকেট ব’র্ডে৷ ব’ডৰ মেডিকেল টীমৰ সদস্যসকল আৰু ৰাষ্ট্রীয় ক্রিকেট একাডেমীৰ কর্তৃপক্ষই বুমৰাহৰ পিঠিৰ অস্ত্রোপচাৰৰ বাবে নিউজিলেণ্ডৰ অস্থি–শল্য চিকিৎসক ৰোৱান ছাউটনক চূড়ান্ত কৰিছে৷ তেৱেঁই ইংলেণ্ডৰ বেগী বলাৰ জ’ফ্রা আর্চাৰক আঘাতমুক্ত কৰিছিল৷ এসময়ত শ্বেন বণ্ডৰো চিকিৎসা কৰিছিল তেওঁ৷

You might also like