নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পুনৰ ছোনিয়া গান্ধীৰ স্বাস্থ্যৰ অৱনতি; হাস্পতালত ভৰ্তি

নিয়মীয়া বাৰ্তা,৩ মাৰ্চ:  শুকুৰবাৰে হঠাতে কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰী ছোনিয়া গান্ধীৰ স্বাস্থ্যৰ অৱনতি ঘটে। তথ্য অনুসৰি জ্বৰৰ বাবে ছোনীয়া গান্ধীক ছাৰ গংগা ৰাম চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। চিকিৎসালয়ৰ পৰা জনোৱা হৈছে যে ছোনিয়া গান্ধী এতিয়াও পৰ্যবেক্ষণৰ অধীনত আছে আৰু তেওঁৰ চিকিৎসা পৰীক্ষা চলি আছে। অৱশ্যে এতিয়া অৱস্থা সুস্থিৰ বুলি কোৱা হৈছে।

ইয়াৰ পূৰ্বেও কংগ্ৰেছৰ প্ৰাক্তন সভাপতিগৰাকীৰ হাওঁফাওঁৰ সৈতে জড়িত সমস্যাৰ বাবে ৪ জানুৱাৰীত ছাৰ গংগা ৰাম চিকিৎসালয়তো ভৰ্তি কৰোৱা হৈছিল। সেই সময়ত তেওঁক ৰুটিন চেকআপৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল। ভাৰত জোড়ো যাত্ৰাত জড়িত হোৱাৰ সময়তে তেওঁ উশাহ-নিশাহ লোৱাত অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছিল। অৱশ্যে ১০ জানুৱাৰীত তেওঁক চিকিৎসালয়ৰ পৰা মুকলি কৰি দিয়া হয়।

You might also like