২২ অক্টোবৰৰ পৰা গণেশগুৰিত ৰাজমুকুট: আগতীয়াকৈ টিকটৰ ব্যৱস্থা
নিয়মীয়া বাৰ্তা, ২১ অক্টোবৰ: ভ্রাম্যমাণ থিয়েটাৰৰ চলিত নাট্যবর্ষৰ সবাতোকৈ চর্চিত নাট ‘বিৰিখত বিৰিণা’ গুৱাহাটীৰ গণেশগুৰিত মঞ্চস্থ হ’ব৷ জনপ্রিয় যুৱ নাট্যকাৰ, গীতিকাৰ ৰাজদ্বীপৰ সফল তথা উল্লেখনীয় সৃষ্টি৷ আগশাৰীৰ ভ্রাম্যমাণ নাট্যদল ৰাজমুকুটৰ মঞ্চত মঞ্চস্থ হোৱা নাটখনে লাভ কৰিছে ঈর্ষণীয় সাফল্য৷ জনপ্রিয় তাৰকা উৎপল দাসে মুখ্য ভূমিকাত অভিনয় কৰা বিৰিখৰ বিৰিণা অহা ২২, ২৩ আৰু ২৪ অক্টোবৰত মঞ্চস্থ হ’ব গুৱাহাটীৰ গণেশগুৰিত৷
ইতিমধ্যে নাটখন চোৱাৰ বাবে মহানগৰীৰ নাট্যপ্রেমীৰ মাজত পৰিলক্ষিত হৈছে ব্যাপক উৎকণ্ঠা৷ দর্শকৰ এনে আগ্রহ তথা মৰমৰ প্রতি লক্ষ্য ৰাখি মানস কলিতাৰ প্রয়োজিত ৰাজমুকুট থিয়েটাৰ কর্তৃপক্ষৰ তৰফৰ পৰা দুদিন পূর্বেই মুকলি কৰি দিয়া হৈছে ‘বিৰিখৰ বিৰিণা’নাটখনৰ টিকট৷ গুৱাহাটীৰ গণেশগুৰিস্থিত স্বাগতম ভোজনালয়ত উপলব্ধ কৰা হৈছে ‘বিৰিখৰ বিৰিণা’ৰ টিকট৷
উল্লেখ্য যে বিগত দুটা বছৰ ক’ৰোনা মহামাৰীৰ প্রকোপৰ বাবে স্তব্ধ হৈ পৰা নাটকৰ পৰিৱেশ যেন পুনৰ জীপাল কৰিছে ৰাজমুকুট থিয়েটাৰৰ এই বহুচর্চিত নাটখনে৷ প্রতিটো পেণ্ডেলতে নাটকখনৰ দর্শনীয় পৰিলক্ষিত হোৱা দর্শকৰ হেতা–ওপৰা আৰু ব্যাপক ভিৰে পুনৰ প্রমাণ কৰিলে ভ্রাম্যমাণ থিয়েটাৰৰ, নাট্যপ্রেমীৰ অকৃত্রিম মৰম কোনোদিনেও ম্লান হ’ব নোৱাৰে৷
উল্লেখ্য যে নাটখনৰ গীতসমূহেও ইতিমধ্যে ব্যাপক জনপ্রিয়তা লাভ কৰিছে৷ অসমৰ সু–সন্তান তথা বলিউডত প্রতিষ্ঠিত শিল্পী অংগৰাগ পাপন মহন্তৰ কণ্ঠত ‘বিৰিখৰ বিৰিণা’ৰ শীর্ষক গীতটো ইতিমধ্যে শ্রোতা–দর্শকৰ মুখে মুখে শুনিবলৈ পোৱা গৈছে৷ ইউটিউবত গীতটো ছয় লাখতকৈ অধিক দর্শকে উপভোগ কৰিছে৷ একেদৰে নীল আকাশৰ কণ্ঠত ‘তোমাৰেনো ভালপোনাই, ‘দীক্ষুৰ কণ্ঠত ‘তোমালে ৰৈ ৰৈ’, ৰাকেশ ৰিয়ানৰ কণ্ঠত ‘যাদুকৰি’ গীতকেইটায়ো লাভ কৰিছে ব্যাপক জনপ্রিয়তা৷