নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাহৰকটীয়া মহকুমাৰ কামকাজ খৰতকীয়া কৰাৰ দাবীত আছুৰ অৱস্থান বিক্ষোভ

নিয়মীয়া বাৰ্তা, ২১ অক্টোবৰ: ২০১৬ চনৰ এক জানুৱাৰীতে ডিব্ৰুগড় জিলাৰ দ্বিতীয়টো মহকুমা ৰূপে স্বীকৃতি লাভ কৰা নাহৰকটীয়াৰ মহকুমাৰ বাবে উন্নীতকৰণৰ কাম কাজ আজি পৰ্যন্ত খৰতকীয়া নোহোৱাত আজি আছুৱে চহৰ খনৰ মাজে মজিয়াত গ্ৰহণ কৰে এক অৱস্থান বিক্ষোভ কাৰ্যসূচী। উল্লেখযোগ্য যে উক্ত বৰ্ষৰে ২৯ ফেব্ৰুৱাৰীত মহকুমা প্ৰতিষ্ঠাৰ আধাৰশিলা নিৰ্মান কৰাৰ পিছত এতিয়ালৈকে দেখা নগল ইয়াৰ কোনো পৰৱৰ্তী পদক্ষেপ। যাৰ ফলত এতিয়াও নাহৰকটীয়া বাসীৰ লগতে টিংখঙ নামৰূপ আৰু দুলিয়াজানৰ জনসাধাৰণে বিভিন্ন চৰকাৰী কাম কাৰ্যৰ বাবে দৌৰ মাৰিব লগা হয় ৭০ কিলোমিটাৰ দূৰৰ ডিব্ৰুগড় লৈ। এই সমস্যাৰ প্ৰতি লক্ষ্য ৰাখিয়েই আৰু এই কাম কাজ খৰতকীয়া কৰাৰ দাবীত আজি নাহৰকটীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু নামৰূপ, টিংখঙ, দুলিয়াজান আৰু চাচনী আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত সংগঠনটোৱে ৰূপায়ন কৰে এই কাৰ্যসূচী। উল্লেখযোগ্য যে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নাহৰকটীয়া শাখাইও অংশগ্ৰহণ কৰা এই কাৰ্যসূচীত শীঘ্ৰেই এই উন্নয়ন ৰ কাম খৰতকীয়া নকৰিলে জনসাধাৰণৰ স্বাৰ্থত ইয়াতকৈ অধিক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ দিয়ে।

You might also like