গুৱাহাটী আৰু উত্তৰ গুৱাহাটীক সংযোগ কৰা কুমাৰ ভাস্কৰ বৰ্মা সেতুৰ ওপৰত পত্নীৰ জন্মদিন ‘ৰেড কাৰ্পেট’ পাৰি ধুমধামকৈ উদযাপন কৰাৰ অভিযোগত এজন ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰিছে গুৱাহাটী আৰক্ষীয়ে।
উত্তৰ গুৱাহাটীৰ গৌতম বৰুৱা নামৰ ব্যৱসায়ীগৰাকীক সামাজিক মাধ্যমত ভাইৰেল হোৱা এটা ভিডিঅ’ৰ ভিত্তিত মঙলবাৰে গ্ৰেপ্তাৰ কৰা হয়। ভিডিঅ’টোত দেখা গৈছিল যে গৌতম বৰুৱা, তেওঁৰ পত্নী আৰু কেইজনমান বন্ধুৱে সেতুৰ ওপৰত গাড়ী ৰখাই পথৰ এটা অংশ অৱৰোধ কৰি ‘ৰেড কাৰ্পেট’ পাৰি কেক কাটি জন্মদিন উদযাপন কৰিছিল।
জানিব পৰা মতে, দেওবাৰে নিশা ১২ বজাৰ পিছত এই উদযাপন অনুষ্ঠিত হৈছিল। সেতুৰ ওপৰতে গাড়ী ৰখাই কৰা এই অনুষ্ঠানৰ ফলত পথ চলাচল ব্যৱস্থাত ব্যাঘাত ঘটাৰ আশংকা সৃষ্টি হয়।
ভিডিঅ’টো ভাইৰেল হোৱাৰ পিছতে ঘটনাটোক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। বহু লোকে এনে কাৰ্যকলাপে নাগৰিক অসুবিধাৰ সৃষ্টি কৰাৰ লগতে আন লোককো একেধৰণৰ কাৰ্যকলাপ কৰিবলৈ উৎসাহিত কৰিব পাৰে বুলি উদ্বেগ প্ৰকাশ কৰে।
ঘটনাটোক কেন্দ্ৰ কৰি ৰাজহুৱা স্থানত ব্যক্তিগত অনুষ্ঠান উদযাপনৰ সীমা আৰু পথ সুৰক্ষাৰ বিষয়েও নতুনকৈ আলোচনা আৰম্ভ হৈছে।
ডিজিটেল ডেস্ক, ২৩ জুন