নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খ্রীষ্টানবস্তিৰ উদয়াচলত লতা মাকৰিৰ পোৱালি উদ্ধাৰ

নিয়মীয়া বাৰ্তা, ২৮ ছেপ্টেম্বৰঃ মহানগৰীৰ ভিন্ন প্রান্তত নাহৰফুটুকী বাঘৰ আতংক অব্যাহত থকাৰ সময়তে এইবাৰ উদ্ধাৰ হৈছে এটা কণমানি লতা মাকৰি বাঘৰ পোৱালি৷ দেওবাৰে পুৱা মহানগৰীৰ উদয়াচলৰ শংকৰ মন্দিৰৰ বাসিন্দা নিজামুদ্দিন ইছলামৰ ঘৰত উদ্ধাৰ হয় এটা লতা মাকৰি বাঘৰ পোৱালি৷

উল্লেখ্য যে নিজামুদ্দিন ইছলাম নামৰ লোকজনৰ পাকঘৰত কালি প্রৱেশ কৰিছিল কণমানি বাঘৰ পোৱালিটো৷ ইয়াৰ পিছতে বাঘৰ পোৱালিটোক উদ্ধাৰ কৰি নিজামুদ্দিন ইছলাম নামৰ লোকজনে লৈ আহে নিউজ লাইভৰ কার্যালয়লৈ৷

পৰৱর্তী সময়ত নিউজ লাইভৰ উদ্যোগত এই বাঘৰ পোৱালিটোক গতাই দিয়া হয় অসম ৰাজ্যিক চিৰিয়াখানাত৷ আনহাতে, উদ্ধাৰ হোৱা এই লতামাকৰি বাঘৰ পোৱালিটোৱে এটা চকুত আঘাত পোৱা বুলি সদৰী কৰে অসম ৰাজ্যিক চিৰিয়াখানাৰ ডি এফ অ’ টেজশ্ব মাৰিস্বামীয়ে৷

লগতে বাঘৰ পোৱালিটো সুস্থ হৈ উঠিলে পুনৰ উদ্ধাৰ হোৱা স্থানত এৰি দিব বুলি মন্তব্য কৰে ডি এফ অ’গৰাকীয়ে৷ কাৰণ মাতৃৰ পৰা আঁতৰত থাকিলে এই লতা মাকৰি বাঘৰ পোৱালিটোক ডাঙৰ–দীঘল কৰিবলৈ যথেষ্ট অসুবিধা হ’ব বুলি উল্লেখ কৰে ডি এফ অ’ টেজশ্ব মাৰিস্বামীয়ে৷

আনহাতে, উদয়াচলৰ আশে–পাশে আন ৪–৫টা লতা মাকৰি বাঘৰ পোৱালি ঘূৰি ফুৰা বুলি সংবাদ মাধ্যমৰ আগত প্রকাশ কৰে নিজামুদ্দিন ইছলামে৷

You might also like