নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰে পৰা শিক্ষানুষ্ঠান–চৰকাৰী বেচৰকাৰী কার্যালয়ত চলিব ৰেণ্ডম টেষ্ট

নিয়মীয়া বাৰ্তা ২৮ ছেপ্টেম্বৰঃ   সমগ্র দেশৰ লগতে অসমতো ক’ৰোনাৰ ভয়াৱহতা এতিয়াও অব্যাহত আছে৷ নিতৌ নতুন নতুন লোক ক’ৰোনাত আক্রান্ত হৈছে৷ ইয়াৰ পৰিপ্রেক্ষিতত আজিৰ পৰা অহা ৩০ ছেপ্টেম্বৰলৈকে ৰাজ্য চৰকাৰে দৈনিক এক লাখ লোকৰ নমুনা পৰীক্ষাৰ ব্যৱস্থা কৰিছে৷ সেই অনুসৰি কামৰূপ মেট্র’ জিলাতো ব্যাপক পৰীক্ষণৰ কার্যসূচী হাতত লৈছে৷ আজিৰ পৰা ৩০ ছেপ্টেম্বৰলৈকে গুৱাহাটী মহানগৰীত শৈক্ষিক প্রতিষ্ঠানকে ধৰি সকলো চৰকাৰী কার্যালয়, কেন্দ্রীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ ৰাজহুৱা প্রতিষ্ঠান, দোকান, ব্যৱসায়িক প্রতিষ্ঠান, শ্বপিং মল, ৱেৰ হাউছ, আৱাসিক অট্টালিকা, চৰকাৰী–বেচৰকাৰী কার্যালয় আৰু প্রতিষ্ঠানত ৰেপিড এণ্টিজেন আৰু আৰ টি পি চি আৰ টেষ্টৰ ব্যৱস্থা কৰিছে বুলি জিলা প্রশাসনে এক জাননীযোগে প্রকাশ কৰিছে৷

You might also like