নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পৰীক্ষাৰ তিনি দিন পূর্বে প্রশিক্ষণ শিবিৰ পাতিছিল বিমল বৰাই

নিয়মীয়া বাৰ্তা ২৮ ছেপ্টেম্বৰঃ   ৰাজ্য কঁপোৱা এছ আই পৰীক্ষাৰ প্রশ্ণকাকত ফাদিল কাণ্ডত টিংখাঙৰ বিধায়ক বিমল বৰাৰ নাম সাঙুৰি ইতিমধ্যে বিভিন্ন সংবাদ মাধ্যমত বাতৰি প্রকাশ হোৱাৰ লগে লগে টিংখাঙৰ সর্বত্র সৃষ্টি হৈছে তীব্র প্রতিক্রিয়া৷ ঘটনাৰ চি বি আই তদন্ত কৰি ইয়াৰ উচিত ব্যৱস্থা গ্রহণ কৰিবলৈ দাবী জনাই টিংখাঙৰ বিভিন্ন ঠাইত উত্তাল প্রতিবাদী কার্যসূচী গ্রহণ কৰিছিল বিভিন্ন দল–সংগঠনে৷ ইয়াৰ পাছতেই ঘটনাৰ তীব্র প্রতিক্রিয়া প্রকাশ কৰিছে টিংখাং বিজেপিয়ে৷ আজি টিংখাঙৰ ৰাজগড জিলা পৰিষদ ভৱনত টিংখাং আৰু লেঙেৰী মণ্ডলৰ এখন যৌথ সভা অনুষ্ঠিত হয়৷ উক্ত সভাত এছ আই পৰীক্ষাৰ প্রশ্ণকাকত ফাদিল কাণ্ডত টিংখাঙৰ বিধায়ক বিমল বৰাৰ নাম সাঙুৰি বাতৰি প্রকাশ হোৱাত বিজেপিৰ টিংখাং মণ্ডলৰ সভাপতি তিলেশ্বৰ চাংমাই আৰু লেঙেৰী মণ্ডলৰ সভাপতি প্রদ্যুৎ দত্তই এক প্রেছ বিবৃতিৰ জৰিয়তে কয় যে টিংখাং সমষ্টিৰ বিধায়ক বিমল বৰা বিধায়ক হোৱাৰ পূর্বৰে পৰা সমষ্টিৰ ভিন্ন প্রান্তত বিশেষভাৱে যুৱক–যুৱতীসকলৰ্ বাবে বিভিন্ন ক্ষেত্রত বিভিন্ন প্রশিক্ষণ শিবিৰ অনুষ্ঠিত কৰি আহিছে৷ আনহাতে, বিধায়ক হিচাপে ৰাইজে নির্বাচিত কৰাৰ পাছৰে পৰা বিভিন্ন উন্নয়নমূলক কাম–কাজৰ উপৰি টিংখাং সমষ্টিৰ শিক্ষিত যুৱক–যুৱতীসকলৰ্ সংস্থাপন আৰু স্বাৱলম্বী হোৱাত সহায়ক হ’ব পৰাকৈ টিংখাং সমষ্টিৰ বিধায়কৰ শিক্ষা সম্পর্কীয় উপদেষ্টা পৰিষদৰ উদ্যোগত ‘উদ্দীপনা’ এক বিশেষ কার্যসূচী কেৰিয়াৰ গাইডেঞ্চ আৰু কাউঞ্চেলিং অনুষ্ঠিত কৰা, বিগত সময়ছোৱাত শিক্ষিত নিবনুৱাসকলে অসম চৰকাৰে অনুষ্ঠিত কৰা টেটসমূহত সফলতাৰে অৱতীর্ণ হ’ব পৰাকৈ অভিজ্ঞ প্রশিক্ষকৰ দ্বাৰা প্রশিক্ষণ দিয়া, সমষ্টিৰ ভিন্ন প্রান্তৰ মহিলাসকলৰ মাজত চিলাই প্রশিক্ষণ শিবিৰ অনুষ্ঠিত কৰি মহিলাসকলৰ জীৱন–জীৱিকাৰ পথ প্রশস্ত কৰি তুলিবলৈ বিভিন্ন কর্মশালা, প্রশিক্ষণ শিবিৰ আদি অনুষ্ঠিত কৰি আহিছে৷ একেদৰেই যোৱা ১৬ ছেপ্ঢেম্বৰত অর্থাৎ পৰীক্ষাৰ তিনি দিনৰ আগত টিংখাং বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ত অসম আৰক্ষীৰ উপ–পৰিদর্শক পদৰ পৰীক্ষাত অৱতীর্ণ হ’ব পৰাকৈ আভাস দিবলৈহে এক প্রশিক্ষণ শিবিৰ অনুষ্ঠিত কৰিছিল বুলি প্রেছ বিবৃতিৰ জৰিয়তে দাবী কৰে৷ টিংখাঙত অনুষ্ঠিত কৰা উক্ত প্রশিক্ষণ শিবিৰক লৈ উক্ত এছ আই পৰীক্ষাৰ প্রশ্ণকাকত ফাদিলৰ বিষয়টোৰ লগত টিংখাঙৰ বিধায়কক চক্রান্তমূলকভাৱে জডিত কৰিব বিচাৰিছে৷ সেয়েহে ভাৰতীয় জনতা পার্টীৰ টিংখাং আৰু লেঙেৰী মণ্ডলৰ তৰফৰ পৰা উক্ত বিষয়টো সন্দর্ভত প্রতিক্রিয়া প্রকাশ কৰি উক্ত কেলেংকাৰিৰ সৈতে বিধায়ক জড়িত নহয় বুলি প্রেছ বিবৃতিৰ জৰিয়তে স্পষ্ট কৰি দিয়ে৷

You might also like