নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিহাৰৰ পৰা শিলচৰ অভিমুখী চুৰি ট্রাক নুনমাটিত উদ্ধাৰ, চুৰি বিস্কুটসহ দুজনক গ্রেপ্তাৰ

নিয়মীয়া বার্তা, ১৭ ছেপ্টেম্বৰঃ মহানগৰীৰ সাতগাঁও থানাৰ অন্তর্গত বাঘৰবড়ীৰ পূৱেৰুণ পথৰ দুখন দোকানত অভিযান চলাই বশিষ্ঠ আৰক্ষীয়ে কালি পুৱতিনিশা ৮৫০ কার্টন চোৰাং বিস্কুট জব্দ কৰাৰ লগতে দুজন ব্যৱসায়ীক গ্রেপ্তাৰ কৰে৷

ধৃত ব্যৱসায়ী দুজন ক্রমে নিজাম উদ্দিন আৰু সুমেশ উদ্দিন বুলি জানিব পৰা গৈছে৷ বশিষ্ঠ আৰক্ষী সূত্রই জনোৱা মতে যোৱা ১২ ছেপ্টেম্বৰৰ নিশা বিহাৰৰ পৰা শিলচৰ অভিমুখী জেএইচ–১০–বিএক্স ৮৯১৬ নম্বৰৰ বিস্কুট ভর্তি ট্রাকখন উত্তৰ শালমাৰাৰ পৰা চুৰি হয়৷ চুৰি ট্রাকখন জিপিএছ ট্রেক কৰি আৰক্ষীয়ে প্রথমতে খানাপাৰাত থকা বুলি উমান পায়৷

পাছত ঘটনা সন্দর্ভত আৰক্ষী অপৰাধ অনুসন্ধান শাখাই বশিষ্ঠ আৰক্ষীৰ লগত যোগাযোগ কৰি থকাৰ সময়তে ট্রাকখন খানাপাৰাৰ পৰা নোহোৱা হয়৷ আৰক্ষীয়ে ঘটনা সন্দর্ভত অভিযান চলাই পৰহি নিশা নুনমাটিৰ পৰা পৰিত্যক্ত অৱস্থাত ট্রাকখন উদ্ধাৰ কৰাৰ লগতে বাঘৰবড়ীৰ পূৱেৰুণ পথৰ দুখন দোকানৰ পৰা চুৰি বিস্কুটখিনি উদ্ধাৰ কৰে৷

ঘটনা সন্দর্ভত আৰক্ষীয়ে ব্যৱসায়ী দুজনক গ্রেপ্তাৰ কৰে যদিও ট্রাকৰ চালক সম্প্রতি পলাতক অৱস্থাত আছে৷ উল্লেখ্য যে ঘটনা সন্দর্ভত ট্রাকৰ গৰাকীয়ে উত্তৰ শালমৰা থানাত এটা গোচৰ ৰুজু কৰিছে আৰু উক্ত গোচৰৰ ভিত্তিত আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে৷

You might also like