লতাশিলত ৩ বাহনৰ মাজত সংঘৰ্ষ; ব্যৱসায়ী প্ৰতিষ্ঠান বিধ্বস্ত
নিয়মীয়া বাৰ্তা, ২৩ জানুৱাৰীঃ শনি লগে শনিবাৰৰ পুৱাই গুৱাহাটীৰ লতাশিলত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। পুৱা প্ৰায় ৭.৩০ মান বজাত লতাশিল খেলপথাৰৰ চাৰিআলিত তিনিখন বাহনৰ মাজত সংঘটিত হয় উক্ত দুৰ্ঘটনাটো।
ঘটনা অনুসৰি, জালুকবাৰী দিশৰ পৰা উজান বজাৰ দিশে গৈ থকা AS 01MC 1338 চিটিবাছখনত উজানবজাৰ দিশৰ পৰা যোৱা AS 25 DC 7402 ডি.আই গাড়ীখনে খুন্দা মাৰে। ডি.আই খুন্দাত নিয়ন্ত্ৰণ হেৰুৱাই চিটবাছখনে পদপথৰ ৰেলিং ভাঙি এখন দোকানত খুন্দা মাৰে। ইফালে চিটিবাছৰ পাছে পাছে একে দিশত থকা AS-01BS-3041 নম্বৰ অল’ট বাহনখনে প্ৰচণ্ড যোৰত আহি চিটিবাছখনত পাছফালৰ পৰা খুন্দা মাৰে ।
উল্লেখ্য যে, দুৰ্ঘটনা সংঘটিত কৰিয়ে ডি.আই চালকজন ঘটনাস্থলীৰ পৰা পলায়ন কৰে। অৱশ্যে দুৰ্ঘটনাটোত কোনো লোক আহতৰ খবৰ অহা নাই। ইতিমধ্যে দুৰ্ঘটনা সংঘটিত কৰা তিনিওখন বাহন জব্দ কৰিছে লতাশিল আৰক্ষীয়ে।