নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পুৰুষে পিন্ধিব নালাগে টান কাপোৰ, পিতৃত্ব লাভৰ পৰা বঞ্চিত হ’ব পাৰে…

নিয়মীয়া বাৰ্তা ২৩ জানুৱাৰীঃ  আজি কালি টান কাপোৰ পিন্ধাটো এক ফেশ্বনলৈ পৰিণত হৈছে। যদি আপুনি পৰিয়াল পৰিকল্পনাৰ কথা ভাবিছে তেতিয়া টান কাপোৰে আপোনাক বিপদত পেলাব পাৰে। আমেৰিকাত  পুৰুষ বন্যাত্ব  ওপৰত হোৱা এক গৱেষণাত প্ৰকাশ পাইছে যে টান কাপোৰে যৌন ক্ষমতাৰ ওপৰত প্ৰভাৱ পৰে।

বিশেষজ্ঞসকলে ৬৫৬জন পুৰুষৰ ওপৰত এক গৱেষণা কৰি পাইছিল যে যি সকলে পৰিয়াল পৰিকল্পনাৰ কথা ভাবিছে যদি তেতিয়া টান কাপোৰ নহয় ঢিলা কাপোৰ পিন্ধিলে শুক্ৰাশয়ৰ গুণ বৃদ্ধি হয়।

উক্ত গৱেষণা Harvard T.H. Chan School of Public Health ত কৰা হৈছিল আৰু গৱেষকসকলে সেইসকল পুৰুষক চামিল কৰিছিল পিতৃ হ’বলৈ অসমৰ্থ হৈছিল। বিশেষজ্ঞ সকলে সেইসকলৰ খাদ্য, জীৱন শৈলী, টোপনি, মাদক দ্ৰব্য সুৰাৰ ওপৰত  গৱেষণা কৰিছিল।

এই গৱেষণাত প্ৰকাশ পাইছিল যে টান কাপোৰতকৈ ঢিলা কাপোৰ পিন্ধা পুৰুষৰ শুক্ৰাণু সংখ্যা ১৭শতাংশ বেছি আছিল। ইয়াৰ লগতে শুক্ৰাণুৰ পৰা ডিম্বাণুলৈ যোৱা ক্ষমতা ৩৩ শতাংশ আছিল।

আনহাতে টান কাপোৰ পিন্ধা পুৰুষে চিন্তা অথবা শংকাৰ কাৰণ নাই । তিনিমাহ ধৰি ঢিলা কাপোৰ পিন্ধে তেতিয়া শুক্ৰাণুৰ উতপাদন আৰু গুণ ভাল হয়। এই গৱেষণাৰ ফলাফল সদ্যহতে Human Reproductionৰ শেহতীয়া সংস্কৰণত প্ৰকাশ পাইছে।

You might also like