নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সৰভোগৰ নাম লৈ আমূলৰ ক্রীম বিক্রী

ভেজাল খাদ্য সামগ্রীৰে ভৰিছে মহানগৰীৰ বজাৰ

নিয়মীয়া বাৰ্তা ১৩ জানুৱাৰীঃ আজি অসমীয়াৰ বাপতি সাহোন ভোগালী বিহুৰ উৰুকা৷ ভোগৰ উৎসৱ ভোগালী বিহু উপলক্ষে প্রতি বছৰৰ দৰে এইবেলিও ভোগালীৰ পৰম্পৰাগত খাদ্য সামগ্রী আৰু পিঠা–পনাৰে ভৰি পৰিছে মহানগৰীৰ বজাৰ৷ ৰামদিয়া, নগাঁও, হাজো আৰু সৰভোগকে ধৰি ৰাজ্যৰ বিভিন্ন প্রান্তৰ পৰা অহা দৈ, ক্রীম, গুৰ আৰু ভোগালীৰ খাদ্য সামগ্রীৰে উভৈনদী হৈ পৰিছে মহানগৰীৰ বজাৰ৷ ইয়াৰ সমান্তৰালকৈ মহানগৰীৰ ভোগালী মেলাসমূহত ৰাজ্যৰ বিভিন্ন প্রান্তৰ পৰা অহা আত্মসহায়ক গোট আৰু মহিলাসকলে থিতাতে বিভিন্ন প্রকাৰৰ পিঠা–পনা প্রস্তুত কৰি গ্রাহকৰ বাবে সাজু কৰিছে৷ অৱশ্যে পূর্বৰ তুলনাত এইবেলি মহানগৰীৰ বজাৰত ভোগালীৰ সামগ্রী আৰু পৰম্পৰাগত পিঠা–পনা তথা খাদ্য সম্ভাৰৰ দামে গ্রাহকক মাধমাৰ শোধাইছে৷ ইপিনে, ভোগালী বিহুৰ সময়ছোৱাত একাংশ অসাধু ব্যৱসায়ীয়ে থলুৱা খাদ্যৰ নামত গ্রাহকসকলক ৰামঠগন দিয়া পৰিলক্ষিত হৈছে৷ মহানগৰীৰ গণেশগুৰিকে ধৰি ছয়মাইল, চানমাৰি, বামুণীমৈদাম, নুনমাটি, নাৰেংগী আৰু ফটাশিল আমবাৰীত একাংশ অসাধু ব্যৱসায়ীয়ে থলুৱা খাদ্য সামগ্রীৰ নামত বহিঃৰাজ্যৰ পৰা অনা পিঠা–পনা আৰু খাদ্য সামগ্রী বজাৰত মেলি দিছে৷ বিশেষকৈ অসাধু ব্যৱসায়ীয়ে চ’ৰাদামত ৰামদিয়া আৰু সৰভোগৰ দৈ অথবা ক্রীমৰ নামত গ্রাহকক কলকাতাৰ পৰা অনা দৈ আৰু আমূলৰ ক্রীম মুকলিভাৱে বিক্রী কৰা পৰিলক্ষিত হৈছে৷ অৱশ্যে আন একাংশই গ্রাহকসকলৰ মাজত থলুৱা খাদ্য সামগ্রী আৰু পৰম্পৰাগত ভোগালীৰ সামগ্রী বিক্রী কৰি গ্রাহকসকলৰ প্রশংসা বুটলিবলৈ সক্ষম হৈছে৷

You might also like