নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কামাখ্যাত ভূমি বেদখলক লৈ উত্তপ্ত পৰিস্থিতি

নিয়মীয়া বাৰ্তা ১৩ জানুৱাৰীঃ মহানগৰীৰ কামাখ্যা অঞ্চলৰ নাহৰবাৰীত আজি ভূমি বেদখলক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ কামাখ্যাধামৰ পূজাৰী আৰু অন্যান্য কর্মচাৰীসকলে বসবাস কৰা ‘সেৱাই’ অঞ্চলত দীর্ঘদিন ধৰি বসবাস কৰা ৰাতুল প্রসাদ শর্মা নামৰ লোকজনৰ ভূমি বেদখলক লৈ এই পৰিস্থিতিৰ সৃষ্টি হয়৷ ভুক্তভোগী পৰিয়ালে জানিবলৈ দিয়া মতে আজি কামাখ্যা ধামৰ সমীৰ শর্মাই দুজন দলৈক লগত লৈ আহি ৰাতুলপ্রসাদ শর্মাৰ ভূমি বেদখলৰ চেষ্টা কৰে৷ কামাখ্যাধামৰ পৰা যোৱা দলটোৱে পূর্বে কোনো জাননী নিদিয়াকৈ উচ্ছেদ কৰিবলৈ যোৱা সন্দর্ভত ভুক্তভোগী পৰিয়ালে প্রশ্ণ কৰাত তেওঁলোকে উপায়ুক্তৰ পৰা যোৱা বুলি উল্লেখ কৰে৷ কিন্তু উচ্ছেদকাৰী দলটোৱে কোনো নথি–পত্র দেখুৱাব নোৱাৰাৰ বাবেই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ উচ্ছেদকাৰী দলটোৱে ৰাতুল প্রসাদ শর্মাক দুর্ব্যৱহাৰ কৰাৰ লগতে তেওঁৰ ফোনটো কাঢ়ি নিয়ে৷ ঘটনা সন্দর্ভত ভুক্তভোগী ৰাতুল শর্মাই স্থানীয় আৰক্ষী চকীত এজাহাৰ দাখিল কৰে৷

You might also like