নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিড কালত পশুধন নিগমৰ প্রচেষ্টাত স্বাৱলম্বী যুৱক–যুৱতী

নিয়মীয়া বাৰ্তা ৪ জুনঃ ক’ভিড–১৯ৰ দ্বিতীয়টো ঢৌৰ সময়ত চৌদিশে বহু লোক সংস্থাপনহীন হোৱাৰ সময়তে অসম পশুধন নিগমৰ অধ্যক্ষ মনোজ শইকীয়াৰ পৰিকল্পনা আৰু প্রচেষ্টাত এক ইতিবাচক দিশৰ উন্মোচন হৈছে৷

ইতিমধ্যে ক’ভিডৰ দ্বিতীয় ঢৌ আৰম্ভ হোৱাৰ পিছতে মনোজ শইকীয়াৰ তৎপৰতাত নিগমে ৰাজ্য চৰকাৰৰ ক’ভিড বিধি অনুসৰি ঘৰে ঘৰে মাংস উপলব্ধ কৰাৰ লগতে মহানগৰীৰ বিভিন্ন স্থানত মাংসজাত আৰু দুগ্ধজাত সামগ্রীৰ বিপণী মুকলি কৰি প্রায় তিনি শতাধিক যুৱক–যুৱতীক আত্মনির্ভৰশীল কৰিবলৈ সক্ষম হৈছে৷ এই কার্যৰ লগত জড়িত হৈ আছে অভিনেতা–অভিনেত্রী, খেলুৱৈ, সাহিত্যসেৱী, অন্যান্য যুৱক–যুৱতী আৰ ছাত্র–ছাত্রী৷

নিগমৰ খানাপাৰাস্থিত আধুনিক কচাইখানাৰ পৰা স্বাস্থ্যসন্মত ছাগলী, কুকুৰা আৰু হাঁহৰ মাংসৰ যোগান নিয়মিতভাৱে কৰি থকা হৈছে বুলি  এখন সংবাদ মেলত প্রকাশ কৰে অধ্যক্ষ মনোজ শইকীয়াই৷ শইকীয়াই লগতে কয় যে মুখ্যমন্ত্রী আৰু পশুপালন মন্ত্রীয়ে ৰাজ্যখনৰ জনসাধাৰণৰ স্বাস্থ্যৰ সজাগতাৰ প্রতি লক্ষ্য ৰাখি নিগমক বিশেষ ভূমিকা গ্রহণৰ বাবে জনোৱা আহ্বানৰ প্রতি লক্ষ্য ৰাখি ইতিমধ্যে নিগমে কিছু কার্যসূচী প্রস্তুত কৰিছে৷ বিগত ৭ মে’ৰ পৰা ৩১ মে’লৈ নিগমৰ তৰফৰ পৰা মুঠ আঠ হাজাৰ পাঁচশ কেজি ছাগলী মাংস আৰু চাৰিশ ত্রিশ কেজি হাঁহৰ মাংস বিক্রী হৈছে৷ মুঠ প্রায় ওঠৰ হাজাৰ কেজি মাংস বিক্রী হয়৷ ৭৮ লাখ টকাৰ মাংসজাতীয় সামগ্রী নিগমে বিক্রী কৰিবলৈ সক্ষম হৈছে৷ এই কার্যৰ লগত জড়িত প্রতিজনে থলুৱা যুৱক–যুৱতী কোনোবাই যদি ছাগলী–কুকুৰা নিগমলৈ আমদানি কৰিছে আৰু আন বহুসংখ্যকে মাংস বিক্রীৰ লগত জড়িত হৈছে বুলি অধ্যক্ষ মনোজ শইকীয়াই উল্লেখ কৰে৷

নিগমে যি লক্ষ্য লৈ পথাৰো আমাৰ বজাৰো আমাৰ কার্যসূচী যোৱা বর্ষত আৰম্ভ কৰিছিল আৰু ইয়াৰ সুদূৰপ্রসাৰী ইতিবাচক প্রভাৱ পৰিলক্ষিত হোৱাটো নিতান্তই আশাব্যঞ্জক বুলি অধ্যক্ষগৰাকীয়ে মন্তব্য কৰে৷

You might also like