গুৱাহাটী ষ্টেচনত সোণ জব্দ
নিয়মীয়া বাৰ্তা ১০ অক্টোবৰঃ গুৱাহাটী ষ্টেচনত চৰকাৰী ৰে’ল আৰক্ষীয়ে চলোৱা নিয়মীয়া তালাচীত শুকুৰবাৰে তিনিটুকুৰা সোণৰ লাড়ুসহ এজন লোকক গ্রেপ্তাৰ কৰে৷ চৰকাৰী ৰে’ল আৰক্ষীয়ে চলোৱা তালাচীত ৰাজধানী এক্সপ্রেছত অহা ৰাজকুমাৰ পেটেল নামৰ যাত্রীগৰাকীৰ পৰা তিনিটা সোণৰ লাড়ু জব্দ কৰে৷ জব্দ কৰা লাড়ুকেইটাৰ ওজন ৯৪০ গ্রাম৷ ক’লা প্রলেপ থকা এই লাড়ুকেইটা সোণ হ’ব পাৰে বুলি চৰকাৰী ৰে’ল আৰক্ষীয়ে সন্দেহ প্রকাশ কৰিছে৷