নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মণিৰাম দেৱান ট্রেড চেণ্টাৰত তিনি তৰপীয়া নিৰাপত্তা; ২৪ ঘণ্টাই চিচি টিভিৰ নিৰীক্ষণত ৰখা হৈছে ষ্ট্রংৰুম

নিয়মীয়া বার্তা, ৮ এপ্রিলঃ মহানগৰীৰ মণিৰাম দেৱান ট্রেড চেণ্টাৰত স্থাপন কৰা ষ্ট্রংৰুমত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে৷ কামৰূপ (ম) জিলাৰ চাৰিটা বিধানসভা সমষ্টিৰ ইভিএম জমা ৰখা এই ষ্ট্রংৰুমত তিনি তৰপীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলাৰ লগতে ২৪ ঘণ্টাই চিচি টিভিৰ নিৰীক্ষণত ৰখা হৈছে৷

কামৰূপ (ম) জিলা প্রশাসনৰ এক সূত্রই জানিবলৈ দিয়া মতে মণিৰাম দেৱান ট্রেড চেণ্টাৰত থকা ষ্ট্রংৰুমৰ নিৰাপত্তাৰ দায়িত্ব কেন্দ্রীয় সহস্র বাহিনী তথা চিপিএমএফক অর্পণ কৰা হৈছে৷ চিপিএমএফৰ নিৰীক্ষণত চিআৰপিএফ আৰু চিআইএছএফৰ জোৱানে ষ্ট্রংৰুমত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে৷ জিলা নির্বাচনী বিষয়াৰ তত্ত্বাৱধানত থকা এই ষ্ট্রংৰুমত মহানগৰ জিলাৰ পূব গুৱাহাটী, পশ্চিম গুৱাহাটী, দিছপুৰ আৰু জালুকবাৰী সমষ্টিৰ প্রতিগৰাকী প্রার্থীৰ এজনকৈ এজেণ্ট নিয়োগ কৰা হৈছে৷

জিলা নির্বাচনী বিষয়াই পৰিচয়–পত্র প্রদান কৰা প্রতিগৰাকী প্রার্থীৰ এজেণ্টসকলৰ উপস্থিতিত ছীল কৰা ষ্ট্রংৰুমৰ নিৰাপত্তাৰ ক্ষেত্রত কামৰূপ মহানগৰ জিলা প্রশাসনে বিশেষ নজৰ ৰাখিছে৷ নিৰাপত্তাৰ দায়িত্বত থকা প্রতিগৰাকী নিৰাপত্তাৰক্ষীৰ জোৱানৰ লগতে প্রার্থীৰ এজেণ্টসকলে ২৪ ঘণ্টাই ষ্ট্রংৰুমত সংস্থাপন কৰা চিচি টিভি নিৰীক্ষণ কৰিব৷ উল্লেখ্য যে মণিৰাম দেৱান ট্রেড চেণ্টাৰৰ ষ্ট্রংৰুমত আবদ্ধ হৈ থকা ইভিএমত বন্দী হৈছে মহানগৰ জিলাৰ ৪৩গৰাকী প্রার্থীৰ ভাগ্য৷

তদুপৰি প্রতিগৰাকী প্রার্থীৰ লগতে ভোটাৰ ৰাইজৰ দৃষ্টি নিবদ্ধ আছে ষ্ট্রংৰুমত৷ অহা ২ মে’ত অনুষ্ঠিত হ’বলগীয়া ভোটগণনাৰ পিছতহে জল্পনা–কল্পনাৰ অন্ত পৰিব৷ উল্লেখ্য যে এইবেলি জালুকবাৰী সমষ্টিত ৮২.৩৪ শতাংশ, দিছপুৰত ৭৪.৩৫ শতাংশ, পূব গুৱাহাটীত ৭১.১৪ শতাংশ আৰু পশ্চিম গুৱাহাটীত ৭৭.২৩ শতাংশ ভোটদান সম্পন্ন হৈছে৷

মহানগৰ জিলা প্রশাসনে প্রেৰণ কৰা তথ্য অনুসৰি এইবাৰ চাৰিটা সমষ্টিৰ ৮ লাখ, ৭৪ হাজাৰ ৮৬গৰাকীয়ে ভোটদান কৰে৷ ইয়াৰে ৭৬.৮৩ শতাংশ পুৰুষ, ৭৪.৮৯ শতাংশ মহিলা আৰু ১৩.৬৪ শতাংশ তৃতীয় লিংগৰ প্রার্থীয়ে ভোটদান কৰিছে৷ মহানগৰ জিলাৰ চাৰিটা সমষ্টিৰ ভোটদানৰ হাৰ ৭৫.৮৪ শতাংশ৷

You might also like