নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এছিয়ান বক্সিং চেম্পিয়নশ্বিপঃ ভাৰতীয় দলত স্থান লাভলীনা, ফাইলাওৰ

নিয়মীয়া বার্তা, ৮ এপ্রিলঃ  অহা ২১ মে’ৰ পৰা আৰম্ভ হ’বলগীয়া এছিয়ান বক্সিং চেম্পিয়নশ্বিপত দেশক প্রতিনিধিত্ব কৰিব অসমৰ দুগৰাকীকৈ প্রতিভাৱান মহিলা বক্সাৰে৷ ছবাৰৰ বিশ্ব চেম্পিয়ন এম চি মেৰীকমৰ নেতৃত্বত আজি ঘোষিত ভাৰতীয় মহিলা দলটোত স্থান লাভ কৰা অসমৰ বক্সাৰ দুগৰাকী হ’ল লাভলীনা বৰগোহাঁই আৰু ফাইলাও বসুমতাৰী৷ লাভলীনাই ৬৯ কেজি আৰু ফাইলাওৱে ৬৪ কেজিত দেশক প্রতিনিধিত্ব কৰিব৷

উল্লেখ্য যে লাভলীনা বৰগোহাঁয়ে টকি’ অলিম্পিকলৈও যোগ্যতা অর্জন কৰিবলৈ সক্ষম হৈছে৷ টকি’ অলিম্পিকলৈ যোগ্যতা অর্জন কৰা দেশৰ আন দুগৰাকী বক্সাৰ ছিমৰনজিৎ কৌৰ আৰু পূজাৰাণীয়েও আজি ঘোষিত দলটোত স্থান লাভ কৰিছে৷ পূজাৰাণীয়ে ২০১৯ৰ এছিয়ান বক্সিং চেম্পিয়নশ্বিপৰ ৮১ কেজিত সোণৰ পদক অর্জন কৰিছিল৷

You might also like