দ্রুতগতিত ছুপাৰ মার্কেটৰ উৰণীয়া সেতুৰ নির্মাণকার্য; দীপাৱলীত মুকলিৰ লক্ষ্য
নিয়মীয়া বাৰ্তা, ২৪ ছেপ্টেম্বৰঃ ৰাজ্যৰ অতি ব্যস্ত অঞ্চল হিচাপে পৰিচিত ৰাজধানী দিছপুৰ অঞ্চলক যান–জঁট সমস্যাৰ পৰা চিৰদিনৰ বাবে মুক্ত কৰি ৰখাৰ বাবে দুখনকৈ উৰণীয়া সেতু নির্মাণ কৰা হৈছে৷ ২০১৯ চনৰ ৮ ডিচেম্বৰত আধাৰশিলা স্থাপন কৰা আৰু ১২৭.২০ কোটি টকা ব্যয়েৰে নির্মাণ কৰি থকা সেতুখনৰ নির্মাণ সম্পূর্ণ কৰাৰ তিনি বছৰ লক্ষ্য নির্ধাৰণ কৰা হৈছিল৷
কার্যবাহী অভিযন্তা বুলুৰঞ্জন ডেকাই সদৰী কৰা অনুসৰি, দুইলেনযুক্ত সেতুখনৰ মুঠ দৈর্ঘ্য হ’ব ১,২০৫ মিটাৰ৷ ইয়াৰে গণেশগুৰিৰ পৰা ছুপাৰ মার্কেট সংযোগী জি এছ ৰোডৰ অংশখিনিৰ দৈর্ঘ্য হ’ব ৮২৫ মিটাৰ৷ তেনেদৰে ছুপাৰ মার্কেটৰ পৰা লাষ্টগেটলৈ অংশটোৰ দৈর্ঘ্য হ’ব ৩৯৪ মিটাৰ৷
আনহাতে, দীপাৱলীৰ সময়ত উৰণীয়া সেতুখনৰ নির্মাণ যাতে সম্পূর্ণ হয়, তাৰ বাবে দিনে–নিশাই তিনি শতাধিক শ্রমিকে কাম কৰি আছে৷ বর্তমান প্রায় ৮৫ শতাংশৰো অধিক কাম সম্পন্ন হোৱা উৰণীয়া সেতুখনৰ নির্মাণকার্য ২০২২ চনৰ ডিচেম্বৰ মাহত সম্পূর্ণ কৰাৰ লক্ষ্য নির্ধাৰণ কৰা হৈছিল৷ যদি অহা অক্টোবৰ মাহৰ শেষত নির্মাণকার্য সম্পূর্ণ কৰা হয়, তেন্তে নির্ধাৰিত সময়তকৈ প্রায় ১৪ মাহ পূর্বে সম্পন্ন হ’ব৷
এয়া নিশ্চিতভাৱে অসমৰ লোকনির্মাণ বিভাগৰ ইতিহাসত এক উল্লেখনীয় ঘটনা হিচাপে পৰিগণিত হ’ব৷ ইয়াৰ উপৰি উৰণীয়া সেতুখনৰ নির্মাণকার্যত প্রতিটো খণ্ডতে অত্যাধুনিক প্রযুক্তি ব্যৱহাৰ কৰা হৈছে৷ মুঠ ২৫টা স্পান থকা উৰণীয়া সেতুখনত সৌন্দর্যবর্ধনৰ বাবে বর্তমান পেইণ্টিং, পোহৰৰ বাবে ষ্ট্র্রীট লাইট আৰু সুৰক্ষাৰ বাবে ফেঞ্চিং স্থাপনৰ কাম চলি আছে৷ সকলো ঠিকে থাকিলে দুর্গাপূজাৰ পিছতেই উৰণীয়া সেতুৰ ওপৰেৰে পৰীক্ষামূলকভাৱে বাহন চলোৱা হ’ব৷