নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আইফোন–১৩ মুকলি হিমা দাসৰ

নিয়মীয়া বাৰ্তা, ২৪ ছেপ্টেম্বৰঃ বহুচর্চিত এপলৰ নতুন আইফোন–১৩ গুৱাহাটীৰ বজাৰত উপলব্ধ হৈছে৷ শুকুৰবাৰে মহানগৰীৰ  উলুবাৰী আৰু পল্টনবজাৰত থকা ইন টাছ শ্ব’ৰুমত আইফোন–১৩ মুকলি কৰা হৈছে৷

ধিং এক্সপ্রেছ হিমা দাসে উলুবাৰীত থকা ইন টাছৰ শ্বৰুমত বিভিন্ন মডেলৰ আইফোন–১৩ মিনি, আইফোন–১৩ প্র’ আৰু আইফোন–১৩ প্র’ মেক্স আনুষ্ঠানিকভাৱে মুকলি কৰে৷

এই সন্দর্ভত হিমা দাসে কয় যে স্মার্টফোন সকলোৰে দৈনন্দিন জীৱনৰ এক অপৰিহার্য অংশ হৈ পৰিছে৷ তেওঁ লগতে কয় যে আইফোনৰ মান, বৈশিষ্ট্য আৰু অন্যান্য মডেলৰ বাবে বিশেষভাৱে জনাজাত৷ শ্ব’ৰুমটোৰ স্বত্বাধিকাৰী পংকজ সুৰানাই কয় যে অলপতে কেলিফ’র্নিয়াত এপলৰ নতুন স্মার্টফোন আইফোন–১৩ মুকলি কৰাৰ পিছত আজি গুৱাহাটীৰ ইন টাছ শ্ব’ৰুমত মুকলি কৰা হয়৷

You might also like