নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সাউকুছিত ড্রাগছসহ ধৃত এক

নিয়মীয়া বাৰ্তা ১৫ ছেপ্টেম্বৰঃ  মহানগৰীৰ সাওকুছিৰ পৰা কালি নিশা গড়চুক আৰক্ষীয়ে বুজন পৰিমাণৰ ড্রাগছসহ এজন সৰবৰাহকাৰীক গ্রেপ্তাৰ কৰে৷ ধৃত সৰবৰাহকাৰীজন সোণাপুৰৰ বালিপাৰাৰ ৰফিকুল আলী (২৫) বুলি জানিব পৰা গৈছে৷ আৰক্ষীয়ে ধৃত ড্রাগছ সৰবৰাহকাৰী যুৱকজনৰ পৰা ২২ গ্রাম ব্রাউন ছুগাৰ জব্দ কৰাৰ উপৰি এ এছ–০১–ই এইচ–৬২৮৯ নম্বৰৰ বাহনখন জব্দ কৰিবলৈ সক্ষম হয়৷ আৰক্ষী সূত্রই জনোৱা মতে ধৃত ড্রাগছ সৰবৰাহকাৰীজনে দীর্ঘদিন ধৰি মহানগৰীত ড্রাগছৰ সৰবৰাহ কৰি আহিছে৷ কালি আৰক্ষীয়ে গোপন সূত্রৰ পম খেদি নিশা প্রায় ১০ বজাত সাওকুছিৰ পৰা যুৱকজনক ড্রাগছসহ হাতে–লোটে ধৰা পেলাই গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ ঘটনা সন্দর্ভত আৰক্ষীয়ে গড়চুক থানাত এটা গোচৰ ৰুজু কৰি আজি যুৱকজনক জে’ল হাজোতলৈ প্রেৰণ কৰে৷ উল্লেখ্য যে একাংশ ড্রাগছ সৰবৰাহকাৰীয়ে মহানগৰীৰ ভাৰাঘৰত আশ্রয় লৈ নিষিদ্ধ ড্রাগছৰ বেহা চলাই আহিছে৷ ঘটনা সন্দর্ভত পৰৱর্তী সময়ত আৰু অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে বুলি আৰক্ষী সূত্রই জানিবলৈ দিছে৷

You might also like