নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিৰিয়াখানাত জন্ম পালে বাঘ–সিংহৰ ৩ পোৱালি

নিয়মীয়া বাৰ্তা ১৪ আগষ্টঃ  ক’ৰোনা ভাইৰাছক লৈ চলি থকা লকডাউনৰ মাজতে অসম ৰাজ্যিক চিৰিয়াখানাত তিনিটাকৈ বাঘ আৰু সিংহৰ পোৱালি জন্ম হয়৷ অসম ৰাজ্যিক চিৰিয়াখানাৰ ডিএফঅ’ তেজস্ব মাৰিস্বামীয়ে জানিবলৈ দিয়া মতে, ৰাজ্যিক চিৰিয়াখানাত থকা এটা সিংহই যোৱা মে’ মাহৰ আৰম্ভণিতে এটা পোৱালি জন্ম দিয়ে৷ ইপিনে, চিৰিয়াখানাৰ দর্শকক দীর্ঘদিন ধৰি আমোদ দি অহা এজনী বাঘিনীয়ে দুটাকৈ পোৱালি জন্ম দিয়ে৷

দীর্ঘদিনৰ অন্তত ৰাজ্যিক চিৰিয়াখানাত সিংহ আৰু বাঘৰ পোৱালি জন্ম হোৱাত বনমন্ত্রী পৰিমল শুক্লবৈদ্য আৰু ডিএফ’সহ ৰাজ্যিক চিৰিয়াখানাৰ বিষয়া–কর্মচাৰীয়ে সন্তোষ প্রকাশ কৰে৷ উল্লেখ্য যে চিৰিয়াখানা কর্তৃপক্ষই সিংহৰ পোৱালিটোক চিম্বা নামেৰে নামকৰণ কৰি বাঘ আৰু সিংহৰ পোৱালি তিনিটাৰ স্বাস্থ্যৰ যতন লোৱাৰ বাবে যাৱতীয় ব্যৱস্থা গ্রহণ কৰিছে৷

You might also like