হেঙেৰাবাৰীৰ ছোৱালী হোষ্টেলত প্ৰকাণ্ড বাঘ
নিয়মীয়া বাৰ্তা, ৩০ নৱেম্বৰঃ গুৱাহাটী মহানগৰীৰ হেঙেৰাবাৰীত বাঘ। গণেশগুৰিৰ পৰা মাত্ৰ কেইমিটাৰমান আঁতৰৰ হেঙেৰাবাৰীৰ মাইলষ্টোন নামৰ এটা ছোৱালী হোষ্টেলত প্ৰত্যক্ষ কৰা এই বাঘটোক লৈ হঠাতে অঞ্চলটোত সৃষ্টি হয় প্ৰবল উত্তেজনা।
ঘটনাৰ বিৱৰণী মতে, নিখিলেশ বৰুৱাৰ বাসগৃহৰ তলৰ মহলাত থকা মাইলষ্টোন নামৰ ছোৱালী হোষ্টেলটোৰ বাৰাণ্ডাৰ বেটৰ চোফাৰ তলত সোমাই আছিল এটা প্ৰকাণ্ড নাহৰফুটুকী বাঘ। ছোৱালী হোষ্টেলৰ তত্ত্বাৱধায়ক মৌচুমী বৰাই জানিবলৈ দিয়া মতে, পুৱা ৬.৩০ বজাত বাহিৰলৈ গেট খুলিবলৈ আহোঁতে চোফাৰ কাষত পৰি থকা এখন কাপোৰ তুলি লওঁতে তেওঁৰ হাতত লাগি আহে বাঘৰ নোম।
তাৰ পিছত চকীৰ তলত প্ৰকাণ্ড বাঘটো দেখি বৰাই লগে লগে ঘৰত সোমাই সকলোকে সাৱধান কৰি দিয়াৰ লগতে বন বিভাগৰ লোকক খবৰ দিয়ে। অৱশেষত প্ৰায় ৩ ঘণ্টাৰ মূৰত বন বিভাগে বাঘটোক ট্ৰেংকুলাইজ কৰে আৰু চিৰিয়াখানালৈ লৈ যায়।