নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম-নাগালেণ্ড সীমান্তত খটখটি আৰক্ষীৰ বৃহৎ সফলতাঃ ১ কোটি ১৬ লাখ টকা মূল্যৰ গাঞ্জা জব্দ

নিয়মীয়া বাৰ্তা, ৩০ নৱেম্বৰঃ পাহাৰীয়া জিলা কাৰ্বি আংলংৰ বোকাজান মহকুমাৰ অন্তৰ্গত খটখটি আৰক্ষীয়ে দেওবাৰে পুৱতিনিশা এখন ট্ৰাকৰ পৰা বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয়। কালিৰ অভিযানৰ নেতৃত্ব প্ৰদান কৰা বোকাজান মহকুমাৰ মহকুমাৰ আৰক্ষী বিষয়া জন দাসে ঘটনা সন্দৰ্ভত সংবাদ মাধ্যমক জানিবলৈ দি কয় যে এক গোপন খবৰৰ ভিত্তিত আৰক্ষীয়ে খটখটিৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত এক শাখা তালাচী অভিযান চলাই। নাকা তলাচী চলি থকা অৱস্থাত পুৱতিনিশা নগালেণ্ডৰ পৰা আহি থকা ইউপি-১৪-এফটি-৪২৯৫ নম্বৰৰ ট্ৰাকখনত আৰক্ষীয়ে তালাচী অভিযান চলাই উদ্ধাৰ কৰে বৃহৎ পৰিমাণৰ গাঞ্জাখিনি। গাড়ীখনৰ পৰা ১০ কেজিকৈ ৫৮ টা প্লাষ্টিকৰ পেকেটত ভৰাই অনা মুঠ ৫ কুইণ্টেল ৮০ কেজি গাঞ্জা আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হোৱাৰ লগতে উক্ত গাঞ্জাখিনি সৰবৰাহকাৰীয়ে নাগালেণ্ডৰ পৰা অসমৰ মাজেৰে বহিঃৰাজ্যলৈ নিয়াৰ পৰিকল্পনা আছিল বুলিও আৰক্ষী বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে।

 

লগতে পঢ়কঃ ১ জানুৱাৰীৰ পৰা ৰাজ্যত খুলিব প্ৰাথমিক বিদ্যালয়সমূহ 

আনহাতে আন্ধাৰৰ সুযোগ লৈ ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেনে পলাই যাবলৈ সক্ষম হোৱাৰ লগতে গাড়ীখনৰ স্বতাধিকাৰী উত্তৰ প্ৰদেশৰ জনৈক আফটাৱ বুলি আৰক্ষী সূত্ৰে জানিব পৰা গৈছে। জব্দকৃত গাঞ্জাখিনিৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য প্ৰায় ১ কোটি ১৬ লাখ হোৱাৰ লগতে খটখটি আৰক্ষীয়ে ঘটনা সন্দৰ্ভত এক গোচৰ পঞ্জীয়ন কৰি চালক হেণ্ডিমেনৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে বুলি আৰক্ষী সূত্ৰে প্ৰকাশ।
উল্লেখ্য যে বোকাজান মহকুমাৰ অন্তৰ্গত খটখটি আৰক্ষীয়ে কালি জব্দ কৰা বৃহৎ পৰিমাণৰ গাঞ্জাৰ ঘটনাই ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথটোক একাংশ অসাধু ব্যৱসায়ীয়ে অবৈধ ব্যৱসায়ৰ ক’ৰিডৰ হিচাপে ব্যৱহাৰ কৰি অহাৰ দীৰ্ঘদিনীয়া অভিযোগ পুনৰবাৰ সত্য প্ৰমাণিত কৰিছে।
You might also like