নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টকৌবাৰীত ২ ব্যৱসায়ীক গ্রেপ্তাৰ–গুদাম ছীল

গুৱাহাটীত ভেজাল মবিলৰ ৰমৰমীয়া বেহা দুষ্টচক্রৰ

নিয়মীয়া বাৰ্তা ২১ জুলাইঃ গুৱাহাটী মহানগৰীৰ ভেজাল মবিলৰ ৰমৰমীয়া বেহা চলাই আহিছে একাংশ অসাধু ব্যৱসায়ীয়ে৷ দীর্ঘদিন ধৰি ভেজাল মবিলৰ বেহা চলাই থকা অসাধু ব্যৱসায়ীৰ বিৰুদ্ধে আজি পল্টনবজাৰ আৰক্ষীয়ে অভিযান চলায়৷ পল্টনবজাৰ থানাৰ ভাৰপ্রাপ্ত বিষয়া দীপান্ত ফুকনৰ নেতৃত্বত যোৱা এটা দলে টকৌবাৰীত অভিযান চলাই ভেজাল মবিলৰ দুটাকৈ গুদাম ছীল কৰে৷ আৰক্ষীয়ে ভেজাল মবিলৰ বেহা চলোৱা আনন্দ জৈন আৰু সন্তোষ কুমাৰ গুপ্তা নামৰ দুই ব্যৱসায়ীক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ আৰক্ষীয়ে জানিবলৈ দিয়া মতে দীর্ঘদিন ধৰি ধৃত ব্যৱসায়ী দুজনে ভাৰত পেট্র’লিয়াম আৰু কেষ্ট্রলৰ পুৰণা বটলত ভেজাল মবিল ভৰাই তাত পুনৰ লেবেলিং কৰি বজাৰত বিক্রী কৰি আহিছিল৷ কেষ্ট্রল কোম্পানীৰ কর্মচাৰীয়ে পল্টনবজাৰ থানাত এই ভেজাল মবিলৰ বেহা সন্দর্ভত এজাহাৰ দাখিল কৰে৷

উক্ত এজাহাৰৰ ভিত্তিত পল্টনবজাৰ থানাত এটা গোচৰ ৰুজু কৰি আজি টকৌবাৰী ৰেহান অটোম’বাইল নামৰ বিপণীখনত অভিযান চলায়৷ আৰক্ষীৰ অভিযানত ৰেহান অটোম’বাইলছৰ পৰা ১৪ কার্টন ভেজাল মবিল আৰু দুটা মবিলৰ ড্রাম জব্দ কৰে৷ ধৃত দুই ব্যৱসায়ীৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে দুটাকৈ মবিলৰ গুদাম ছীল কৰে৷ সম্প্রতি পল্টনবজাৰ আৰক্ষীয়ে ধৃত ব্যৱসায়ী দুজনক জেৰা অব্যাহত ৰাখিছে৷

আৰক্ষীৰ জেৰাত ধৃত দুই ব্যৱসায়ীয়ে দীর্ঘদিন ধৰি কেষ্ট্রল কোম্পানীৰ লেবেল লগাই ভেজাল মবিল বিক্রী কৰি অহাৰ কথা স্বীকাৰ কৰিছে৷ ভেজাল মবিলৰ ব্যৱসায় চলোৱা দুই ব্যৱসায়ীয়ে গুৱাহাটীৰ লগতে ৰাজ্যৰ অন্যান্য স্থানলৈও ভেজাল মবিল বিক্রীৰ বাবে পঠিয়াইছিল৷ পুৰণা বটলত ভেজাল মবিল ভৰাই কেষ্ট্রলৰ লেবেল লগাই ব্যৱসায় চলাই অহা এই চক্রটোৰ সৈতে আৰু বহুকেইজন ব্যৱসায়ী জড়িত থকাৰ তথ্যও আৰক্ষীয়ে লাভ কৰিছে৷ ভেজাল মবিলৰ বেহা চলোৱা নিতেশ সিং নামৰ ব্যৱসায়ীজন এতিয়াও পলাতক হৈ আছে৷ সঠিক দিশত তদন্ত আগবাঢ়িলে লাখ লাখ টকাৰ কৰ ফাঁকিৰে পুৰণা বটলত কেষ্ট্রলৰ লেবেল লগাই ভেজাল মবিলৰ বেহা চলোৱা চক্রটোক উৎখাত কৰিবলৈ সক্ষম হ’ব মহানগৰ আৰক্ষী৷

You might also like