নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমত ভুৱা ৮.৩৫ লাখ কৃষকে সৰকালে ৫৫৪.০১ কোটি টকা

নিয়মীয়া বাৰ্তা,  ২১ জুলাইঃ কেন্দ্রীয় চৰকাৰৰ অভিলাষী আঁচনি প্রধানমন্ত্রী কিষাণ সন্মান নিধি যোজনা ৰূপায়ণক লৈ ৰাজ্যত বিয়াগোম কেলেংকাৰি সংঘটিত হৈছে৷ মঙলবাৰে লোকসভাত সাংসদ ধৈর্যশীল শম্ভুজীৰাও মানে, ড০ সুজয়পাধাকৃষ্ণ ৱিখে পাটিল লালু সিং, ড০ শ্রীকান্ত একনাথ সিন্ধে, উমেশ ভাইচাহেব পাটিল আৰু ড০ হিনা গৱিটে সোধা এক লিখিত প্রশ্নৰ বিপৰীতে কেন্দ্রীয় কৃষি–কৃষক কল্যাণ মন্ত্রী নৰেন্দ্র সিং টোমৰে দিয়া উত্তৰতে উন্মোচিত হৈছে আঁচনিখনৰ ধন বৃহৎসংখ্যক ভুৱা কৃষকে লাভ কৰাৰ তথ্য৷

কেন্দ্রীয় কৃষি–কৃষক কল্যাণ মন্ত্রী টোমৰে দিয়া তথ্য অনুসৰি দেশৰ ৩৬খন ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলৰ ৪২,১৬,৬৪৩জন ভুৱা হিতাধিকাৰীয়ে প্রধানমন্ত্রী কিষাণ যোজনাৰ মুঠ ২৯৯২,৭৫,১৬,০০০ টকা সৰকাই নিয়ে৷ ইয়াৰ ভিতৰত অসমৰ ভুৱা হিতাধিকাৰীৰ সংখ্যা হ’ল ৮,৩৫,২৬৮জন৷ ৰাজ্যৰ এইসকল ভুৱা হিতাধিকাৰীয়ে মুঠ ৫৫৪,০১,৭২,০০০ টকা ডাইৰেক্ট বেনিফিট ট্রেন্সফাৰৰ জৰিয়তে নিজৰ বেংক একাউণ্টত লাভ কৰিবলৈ সক্ষম হৈছে৷

উল্লেখ্য যে বিগত সময়ছোৱাত অযোগ্য কৃষকে প্রধানমন্ত্রী কিষাণ যোজনাৰ ধন লাভ কৰাক লৈ ব্যাপক চর্চা হৈছিল৷ ইয়াৰ মাজতে কেন্দ্রীয় কৃষি–কৃষক কল্যাণ মন্ত্রী টোমৰে মঙলবাৰে লোকসভাত দিয়া উক্ত তথ্য যথেষ্ট গুৰুত্বপূর্ণ ৰূপে চিহ্ণিত হৈছে৷

মন কৰিবলগীয়া যে সমগ্র দেশৰ ভিতৰত কেন্দ্রীয় চৰকাৰৰ অভিলাষী আঁচনিখনৰ ধন লাভ কৰা ভুৱা হিতাধিকাৰী অসমৰে সর্বাধিক৷ দেশৰ মুঠ ভুৱা হিতাধিকাৰীৰ এক–চতুর্থাংশই হৈছে অসমৰ৷ সেইদৰে এইসকল ভুৱা হিতাধিকাৰীয়ে দেশৰ ভিতৰতে আটাইতকৈ বেছি ধন সৰকাই নিছে৷

কেন্দ্রীয় কৃষি–কৃষক কল্যাণ মন্ত্রী টোমৰে জানিবলৈ দিয়া মতে, এইসকল অযোগ্য কৃষকৰ পৰা আঁচনিখনৰ ধন ঘূৰাই ল’বলৈ ইতিমধ্যে ব্যৱস্থা কৰা হৈছে৷ এই সন্দর্ভত আঁচনিখনৰ পুঁজিৰ অপব্যৱহাৰ নোহোৱাটো আৰু ইয়াৰ সঠিক ৰূপায়ণৰ বাবে চৰকাৰৰ তৰফৰ পৰা কেতবোৰ পদক্ষেপ গ্রহণ কৰাৰ কথা উল্লেখ কৰি তেওঁ কয় যে ভুৱা হিতাধিকাৰীসকলৰ পৰা ধন ঘূৰাই ল’বলৈ ইতিমধ্যে ষ্টেণ্ডার্ড অপাৰেচন গাইডলাইনছ ইছ্যু কৰা হৈছে৷ সেইদৰে আয়কৰ আদায় দিয়াসকলক চিনাক্ত কৰা আৰু হিতাধিকাৰীসকলৰ ক্ষেত্রভিত্তিক পুনৰীক্ষণৰ উদ্দেশ্যে ষ্টেণ্ডার্ড অপাৰেচনেল গাইডলাইনছ প্রস্তুত কৰি সেয়া ৰাজ্য চৰকাৰসমূহলৈ জাৰি কৰা হৈছে৷

You might also like