নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১২৫ টকীয়া মিঠাতেলৰ দাম হ’লগৈ ২০০ টকাঃ চাউল–আটা–দাইলৰো বাঢ়িল দাম

নিয়মীয়া বাৰ্তা,  ২১ জুলাইঃ  ৰাজ্যত হোৰাহোৰে বাঢ়িছে অত্যাৱশ্যকীয় খাদ্য–সামগ্রীৰ দৰ৷ মাত্র ৫ বছৰ ৪ মাহৰ ব্যৱধানত চাউল, মিঠাতেল, আলু–পিঁয়াজ আদিৰ আকাশলংঘী মূল্যবৃদ্ধিৰ বাস্তৱ চিত্রখন মঙলবাৰে উন্মোচিত হ’ল অসম বিধানসভাৰ মজিয়াত৷ বিধায়ক নুৰুল হুদাৰ এক প্রশ্ণৰ উত্তৰত খাদ্য, অসামৰিক যোগান আৰু উপভোক্তা পৰিক্রমা বিভাগৰ মন্ত্রী ৰঞ্জিত কুমাৰ দাসে দিয়া উত্তৰ সংলগ্ন তথ্য অনুসৰি ২০১৬ চনৰ ফেব্রুৱাৰী মাহত আইজং (উত্তম) চাউলৰ প্রতিকিলোগ্রামত নূন্যতম ২৪ টকা আৰু সর্বোচ্চ ৩৬ টকা মূল্য আছিল৷ কিন্তু চলিত বর্ষৰ জুন মাহত এই সামগ্রীবিধৰ নূন্যতম ৩৬ টকা আৰু সর্বোচ্চ ৪০ টকা মূল্য হৈছেগৈ৷ সেইদৰে ৫ বছৰ ৪ মাহ পূর্বে বাচমতি চাউল (অতি উত্তম) প্রতিকিলোগ্রামত নূন্যতম ৩০ আৰু সর্বোচ্চ ৫৪ টকাত বিক্রী হৈছিল যদিও যোৱা জুন মাহত এই সামগ্রীবিধ গ্রাহকে ক্রয় কৰিবলগীয়া হয় ৪০ টকাৰ পৰা ৭০ টকাত৷ ২০১৬ চনত ফেব্রুৱাৰী মাহত প্রতিকিলোগ্রাম আটা ২৫–২৬ টকা, আলু ১২–১৪ টকা, পিঁয়াজ ২০–২৪ টকাত আৰু প্রতিলিটাৰ মিঠাতেল ৮০–১২৫ টকাত বিক্রী হৈছিল৷

পিছে চলিত বর্ষৰ জুন মাহত প্রতিকিলোগ্রাম আটা ২৮–৩০ টকাত, আলু ১৭–২৩ টকাত, পিঁয়াজ ৩২–৩৪ টকাত আৰু প্রতিলিটাৰ মিঠাতেল ১৫০–২০০ টকাত গ্রাহকে ক্রয় কৰিবলগীয়া হয়৷ বজাৰত মূল্যবৃদ্ধিৰ জুয়ে যে ছানি ধৰিছে মন্ত্রী দাসৰ এই তথ্যই কার্যতঃ প্রতীয়মান কৰে৷ লক্ষণীয়ভাৱে মূল্যবৃদ্ধিৰ ফলত ৰাজ্যখনৰ জনসাধাৰণ খাদ্য সমস্যাত পৰাৰ তথ্য বিভাগে লাভ কৰা নাই বুলি তাৎপর্যপূর্ণ মন্তব্য কৰে মন্ত্রী দাসে৷

অৱশ্যে মূল্যবৃদ্ধি ৰোধ কৰাৰ বাবে চৰকাৰে কেতবোৰ বিহিত ব্যৱস্থা গ্রহণ কৰাৰ কথা উল্লেখ কৰি তেওঁ কয় যে উপায়ুক্ত–মহকুমাধিপতি নিজ নিজ জিলা আৰু মহকুমাত অত্যাৱশ্যকীয় সামগ্রীসমূহৰ মজুত, পাইকাৰী আৰু খুচুৰা মূল্যৰ ওপৰত চোকা নজৰ ৰখাৰ লগতে দৈনিক মূল্য তালিকা যোগান সঞ্চালকালয়ৰ তাঁৰ–ফেক্সযোগে প্রেৰণৰ নির্দেশ দিয়া হৈছে৷ তদুপৰি কার্যবাহী দণ্ডাধীশৰ নেতৃত্বত ‘বলৱৎকাৰী গোট’ গঠন কৰি নিয়মিতভাৱে খাদ্য–সামগ্রীৰ মজুত আৰু পাইকাৰী–খুচুৰা মূল্যৰ ওপৰত চোকা নজৰ ৰাখিবলৈ কোৱা হৈছে৷ ৰে’ল কর্তৃপক্ষ, ভাৰতীয় খাদ্য নিগম আৰু ব্যৱসায়ী সন্থাৰ সৈতে সময়ে সময়ে সভা অনুষ্ঠিত কৰি থকা হৈছে, যাতে অত্যাৱশ্যকীয় সামগ্রীসমূহৰ ব্যৱসায় কৰোঁতে কোনোধৰণৰ বাধা নাহে৷ আৰু মূল্যবৃদ্ধিত অৰিহণা যোগোৱা অসাধু ব্যৱসায়ীক চিনাক্ত কৰি আইনগত ব্যৱস্থা লোৱা হৈছে৷ যোগান সঞ্চালকালয়ত এটা নিয়ন্ত্রণ কক্ষ খোলা হৈছে, য’ত কার্যালয় খোলা থকা সময়ত গ্রাহকে সামগ্রীৰ অস্বাভাৱিক মূল্যবৃদ্ধি, চোৰাং বজাৰ আদিৰ ওপৰত টোল ফ্রী ফোন নম্বৰ ১৮০০–৩৪৫৩৬১১ আৰু বি এছ এন এল ব্যৱহাৰকাৰীসকলে ১৯৬৭যোগে অভিযোগ দাখিল কৰিব পাৰে৷

ইফালে বিধায়ক দুর্গাদাস বড়োৱে সোধা এক প্রশ্ণৰ উত্তৰত কেৰাচিন ব্যৱহাৰ সন্দর্ভত কয় যে উজ্জ্বলা যোজনাৰ অধীনত ৰন্ধন গেছৰ ৩৪,৯২,৭৫৯টা সংযোগ দিয়া হৈছে৷ স্বাভাৱিকতে সংযোগ লাভ কৰা এইসকল লোক দুখীয়া৷ এনেদৰে ৰন্ধন গেছৰ সংযোগ লাভ কৰাৰ বাবে কেৰাচিনৰ ব্যৱহাৰ কমি আহিছে৷ মন্ত্রী দাসে নীলা কেৰাচিন মুকলি বজাৰত বিক্রী কৰিব নোৱাৰে বুলি স্পষ্ট কৰি দিয়ে৷

You might also like